সাংবাদিক দিলীপ শৰ্মাৰ অকাল বিয়োগ

ছপা মাধ্যমৰ সাংবাদিক দিলীপ শৰ্মাৰ শুকুৰবাৰে বিয়লি ৫.২০ বজাত অকাল বিয়োগ হয়। সংবাদ ক্ষেত্ৰখনৰ প্ৰতি নিষ্ঠা আৰু সততাৰে কৰ্তব্য সম্পাদন কৰি যোৱা দিলীপ শৰ্মাই যোৱা ২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় আৰু তাৰ পিচতে চিকিৎসাধীন হয়। চিকিৎসাধীন অৱস্থাতেই আজি তেওঁ গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ। হাঁহিমুখীয়া আৰু সৰবৰহী দিলীপ শৰ্মা ছয়গাঁৱৰ নিকটৱৰ্তী চণ্ডিকা নোৱাপাৰাৰ চিদানন্দ শৰ্মা আৰু গিৰিবালা দেৱীৰ তৃতীয় সন্তান আছিল। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, জ্যেষ্ঠ ভাতৃ-ভগ্নী, বৌৱেক, পৰিবাৰ, একমাত্ৰ কন্যাসহ অনেক ইষ্ট-কুটুম্বক ইহ সংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত জন্মস্থান ছয়গাঁৱত গভীৰ শোকৰ ছাঁ পৰিছে। দিলীপ শৰ্মাৰ মৃতদেহ আজি সন্ধিয়া চিকিৎসালয়ৰ পৰা লৈ গৈ নিশা ছয়গাঁৱতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...