কবি নৱৰূপ মজুমদাৰলৈ শব্দ সম্প্ৰীতি সাহিত্য সংগঠক-২০২৩ সন্মান

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত শব্দ মৈত্ৰীৰ সহযোগত সম্প্ৰীতিৰ মুক্ত মঞ্চৰ দ্বিতীয় বার্ষিক অধিবেশন উপলক্ষে আয়োজিত আন্তঃৰাষ্ট্ৰীয় কবি সম্মিলনত সাহিত্য ভাৰতী, অসমৰ প্ৰতিষ্ঠাপক ও মুখ্য প্ৰশাসক, সেউজ সাহিত্য সভাৰ সাংগঠনিক সম্পাদক, সাহিত্য সাধনা মঞ্চ অসমৰ কামৰূপ জিলাৰ মুখ্য আহ্বায়ক, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ গুৱাহাটী মহানগৰৰ সাংগঠনিক সম্পাদক, শিৱশক্তি ধৰ্মীয় ন্যাসৰ সঞ্চালক তথা কবি নৱৰূপ মজুমদাৰক “শব্দ-সম্প্রীতি সাহিত্য সংগঠক সন্মান-২০২৩” প্ৰদান কৰা হয়।


এই আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন খনিত আমেৰিকা যুক্তৰাষ্ট্ৰ , বাংলাদেশ, নেপাল, ভুটান, ভাৰতৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ পৰা আমন্ত্ৰিত বিশিষ্ট সাহিত্যিক সকলৰ লগতে উপস্থিত থাকে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ড০ সূৰ্য্য কান্ত হাজৰিকা, শংকৰী সংস্কৃতিৰ গৱেষক শ্ৰদ্ধাৰ ইছমাইল হুছেইন, অসম সাহিত্য সভাৰ প্ৰাক্তন প্রধান সম্পাদক ড০ জগদীশ পাটগিৰী, বিশিষ্ট কবি শ্ৰদ্ধাৰ নীলিম কুমাৰ, জনপ্ৰিয় কবি প্ৰণৱ বৰ্মণ, বিশিষ্ট সাংবাদিক আব্দুল আলিমৰ লগতে বিশিষ্ট সাহিত্যিক ড০ হিতেশ গোস্বামী।

সন্মানীয় ব্যক্তিসকলৰ উপস্থিতিৰে পৰিপূৰ্ণ গাম্ভীর্য্যপূৰ্ণ অনুষ্ঠানটিত “শব্দ-সম্প্রীতি সাহিত্য সংগঠক সন্মান-২০২৩”গ্রহণ কৰি মজুমদাৰ ডাঙৰীয়াই কয় যে, এনে এটি মহৎ অনুষ্ঠানত মোৰ দৰে এজন অকিঞ্চনক এই সন্মান প্ৰদান কৰাত মই বহুত সুখী আৰু এই সন্মানে অনাগত দিনবোৰত সামাজিক, সাংস্কৃতিক তথা সাহিত্যৰ দিশত অধিক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ দায়বদ্ধ কৰিলে। শ্ৰদ্ধাৰ মজুমদাৰে আয়োজক সমিতিৰ সম্পাদক জোৎস্নাৰাণী বেগম, সভাপতি শংকৰ জোছেফ আৰু মুখ্য প্রশাসক জুৰি শৰ্মাকে আদি কৰি অন্যান্য বিষয়ববীয়া সকলৰো শলাগ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...