সংগীত খনিকৰ পুৰুষোত্তম দাসক স্মৰণ, আমগুৰিত বৰ্ণাঢ্য অনুষ্ঠান

সংগীত খনিকৰ পুৰুষোত্তম দাস স্মৃতি ৰক্ষা সমিতি, গুৱাহাটী, শিৱসাগৰ জিলাৰ আমগুৰি পূবেৰুণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সংগীত খনিকৰ পুৰুষোত্তম দাস দেৱৰ ১০৬তম জয়ন্তী আমগুৰি আউনীআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷

বিদ্যালয়খনৰ অধ্যক্ষ অমৰজ্যোতি বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰি তেওঁৰ চমু বক্তব্য আগবঢ়ায়৷ পুৰুষোত্তম দাস দেৱৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি তৰ্পন কৰে স্মৃতিৰক্ষা সমিতিৰ এগৰাকী উপদেষ্টা, বিশিষ্ট সংগীত পৰিচালক, সুৰকাৰ ৰমেন চৌধুৰী দেৱে৷ ইয়াৰ পিছতে পূবেৰুণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ইন্দ্ৰ কমল ফুকনে স্মৃতিৰক্ষা সমিতিৰ উপদেষ্টা ৰমেন চৌধুৰীক, সভাপতি কুমাৰ দীপক দাস, কাৰ্যকৰী সভাপতি অৱনী ৰঞ্জন পাঠক, সাংস্কৃতিক সম্পাদক বিপুল বৰুৱা, সাংস্কৃতিক সভাপতি ডিম্বেশ্বৰ দাস, বঁটা প্ৰাপক উমানন্দ দুৱৰা, সম্পাদকদ্বয় কৃপাময় দাস, কবীন দাস, কোষাধ্যক্ষ বিশ্বজিৎ ওজা, ধৃতিশ্ৰী দেৱী আৰু নিমন্ত্ৰিত অতিথি ক্ৰমে যোগেশ কিশোৰ ফুকন, প্ৰশান্ত শৰ্মা আদি বিশিষ্ট ব্যক্তিসকলক মঞ্চলৈ আদৰণি জনোৱাৰ লগতে পূবেৰুণ সাস্কৃতিক গোষ্ঠীৰ সদস্যসকলে আটাইকে এখনি ফুলাম গামোচাৰে সম্বদ্ধৰ্না জ্ঞাপন কৰে৷


স্মৃতি ৰক্ষা সমিতিৰ সভাপতি, ৰাজ্য সভাৰ সংসদ, সু-গায়ক কুমাৰ দীপক দাসে সভাপতিত্ব কৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ এগৰাকী সম্পাদক কবীন দাসে৷ বিশিষ্ট অভিনেতা, নাট্য পৰিচালক প্ৰশান্ত শৰ্মাই মুখ্য অতিথিৰ ভাষণত পুৰুষোত্তম দাসৰ জীৱনৰ বিভিন্ন দিশ সামৰি সাৰুৱা মন্তব্য আগঢ়াই৷ বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই স্মৃতি ৰক্ষা সমিতিৰ উপদেষ্টা, পুৰুষোত্তম দাসৰ এসময়ৰ সহকৰ্মী ৰমেন চৌধুৰী দেৱে৷


স্মৃতি ৰক্ষা সমিতিৰ কাৰ্যকৰী সভাপতি, আকাশ বাণী কেন্দ্ৰ গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক, পুৰুষোত্তম দাস দেৱৰ এসময়ৰ সহকৰ্মী অৱনী ৰঞ্জন পাঠক, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জ্যেষ্ঠ সংগীত ব্যৱস্থাপক, স্মৃতি ৰক্ষা সমিতিৰ সাংস্কৃতিক সম্পাদক বিপুল বৰুৱা, গীতিকাৰ সু-গায়ক, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ডিম্বেশ্বৰ দাসে পুৰুষোত্তম দাস দেৱৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তবোৰ সুঁৱৰি নিজৰ নিজৰ বক্তব্যবোৰ দাঙি ধৰে৷


পুৰুষোত্তম দাসৰ সুৰ আৰু কথাৰে আমগুৰি নবীন পুথিভঁড়ালৰ শিল্পীসকলৰ এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিপুল বৰুৱা, জিম্বেশ্বৰ দাস, প্ৰণতি বৰুৱা, ধৃতিশ্ৰী দেৱী, কবীন দাস, সভাপতি কুমাৰ দীপক দাস আৰু উমানন্দ দুৱৰাদেৱে পুৰুষোত্তম দাসৰ কালজয়ী গীতবোৰ পৰিবেশন কৰে৷ এই অনুষ্ঠানতে পুৰুষোত্তম দাস ৰচিত, কবীন দাস আৰু ধৃতিশ্ৰী দেৱীৰ কণ্ঠত বাণীবদ্ধ হোৱা এটি দৃশ্য শ্ৰাব্য গীত উন্মোচন কৰে আমগুৰি নিবাসী, বিশিষ্ট সাহিত্যিক যোগেশ কিশোৰ ফুকনে৷


২০২৩ চনৰ বঁটা প্ৰাপক উমানন্দ দুৱৰা দেৱক স্মৃতি ৰক্ষা সমিতিৰ কৰ্মকৰ্তাসকলে এখনি ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, নগদ ধন আৰু মানপত্ৰৰ দ্বাৰা সম্বদ্ধৰ্না জ্ঞাপন কৰে৷ উক্ত অনুষ্ঠানতে দুৱৰাদেৱে তেখেতে সংৰক্ষণ কৰা বহুকেইখন গ্ৰামেফোন ৰেকৰ্ড বজাই উপস্থিত দৰ্শকক আপ্লুত কৰে৷ সু-অভিনেতা তথা কোষাধ্যক্ষ বিশ্বজৎ ওজাই আঁত ধৰা অনুষ্ঠানটি সভাপতি কুমাৰ দীপক দাসৰ বহুমূলীয়া ভাষণেৰে সামৰণি পৰাৰ আগতে সমিতিৰ আন এজন সম্পাদক কৃপাময় দাসে শলাগৰ শৰাই আগবঢ়ই আৰু অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...