পুনৰ অনিশ্চয়তাত ওলমি ৰ’ল সুৰংগত আবদ্ধ শ্ৰমিকৰ জীৱন

উত্তৰাখণ্ডৰ সুৰংগত আবদ্ধক উদ্ধাৰৰ বাবে চলোৱা অভিযান ব্যাহত
তেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা চলোৱা আমেৰিকান ড্ৰিলিং মেচিনো চূৰ্ণ-বিচূৰ্ণ
সুৰংগলৈ কেইমিটাৰমান থকা অৱস্থাত ভাঙি গ’ল AUGUR নামৰ বিশেষ যন্ত্ৰ
৪১ শ্ৰমিকক উদ্ধাৰৰ বাবে এতিয়া লাগিব অধিক সময়


সুৰংগত আবদ্ধ শ্ৰমিকসকলে উদ্ধাৰৰ বাবে প্ৰহৰ গণনা কৰাৰ সময়তে হ’ল পুনৰ অঘটন। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা আমেৰিকান ড্ৰিলিং মেচিন AUGUR এই‍বাৰ ভাঙি চূৰ্ণিকৃত হ’ল খনন চলাই থকা অৱস্থাত। মাথোন ১০ মিটাৰমান থকা অৱস্থাত শিলত লাগি ভাঙি যায় এই ড্ৰিলিং মেচিনটো। ফলত পুনৰ অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰে যোৱা ১৪ দিন ধৰি আবদ্ধ হৈ থকা ৪১জন শ্ৰমিক উদ্ধাৰৰ আশা। ভাঙি পৰা মেচিনটো মেৰামতি কৰা সম্ভৱ নহয় বুলি জনাইছে আন্তৰ্জাতিক সুৰংগ বিশেষজ্ঞৰ দলে।

আবদ্ধসকলক উদ্ধাৰৰ বাবে এতিয়া NDRFএ লৈছে নতুন পন্থা
সুৰংগৰ ওপৰৰ পৰা এতিয়া পোনপটীয়াভাৱে চলিব তললৈ খনন
ইতিমধ্যে সুৰংগৰ ওপৰত স্থাপন কৰা হৈছে নতুন ড্ৰিলিং মেচিন
পাথৰ কটাৰ বাবে ইতিমধ্যে অনা হৈছে বিশেষজ্ঞ শ্ৰমিকৰ দল


আমেৰিকান ড্ৰিলিং মেচিনৰ খননৰ পিছত শ্ৰমিক আবদ্ধ এলেকালৈ মাথোন কেই মিটাৰমান বাকী থকা অৱস্থাত ৰুদ্ধ হৈছে অভিযান। এতিয়া সেই পথেদিও শিল ভাঙি খনন অব্যাহত ৰখাৰ বাবেও চিন্তা–চৰ্চা কৰিছে NDRFসহ আন উদ্ধাৰকাৰী দলে। কিন্তু আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব সেয়া নিশ্চিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰ্থিক অনাটনৰ বাবেই ফিৰোজ আলীয়ে হত্যা কৰিলে নেকি পৰিয়ালৰ ৪ সদস্যক?

জোনাইৰ তেলামত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এখন ব্যক্তিগত...

১০ মিনিটৰ সিদ্ধান্ত, ১০ ছেকেণ্ডত জীৱন ৰক্ষা! ১৬০০ ছাত্ৰ-ছাত্ৰীৰ ত্ৰাণকৰ্তা এগৰাকী প্ৰধান শিক্ষক

নেপালৰ এখন বিদ্যালয়। পুৱা তেতিয়া স্বাভাৱিকভাৱেই চলি আছিল পাঠদান।...

গুৰুত্বপূৰ্ণ খনিজৰ সন্ধানত জাম্বিয়াৰ সৈতে পুনৰ আলোচনাত ভাৰত

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ক্ৰমবৰ্ধমান কেঁচামালৰ চাহিদা পূৰণৰ...