১০ বছৰৰ ভিতৰতে ইতিহাসলৈ পৰিণত হ’ব কৰ্কট আৰু হৃদৰোগ

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত অহা ৫ৰ পৰা ১০ বছৰৰ ভিতৰতে কৰ্কট ৰোগ, এলঝেইমাৰ, হৃদৰোগ আৰু মানসিক ৰোগৰ চিকিৎসাত যুগান্তকাৰী সফলতা লাভ কৰিব পৰা যাব। এই সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে AI কোম্পানী Anthropicৰ CEO ডাৰিঅ’ আমোডেইয়ে।

আমোডেইৰ মতে, AIৰ জৰিয়তে চিকিৎসা গৱেষণাৰ গতি অভূতপূৰ্বভাৱে বৃদ্ধি কৰিব পৰা যাব। যিবোৰ চিকিৎসা আৱিষ্কাৰত পূৰ্বতে ৫০ৰ পৰা ১০০ বছৰ সময়ৰ প্ৰয়োজন হ’লহেঁতেন, AIৰ সহায়ত সেই অগ্ৰগতি মাত্ৰ ৫ৰ পৰা ১০ বছৰৰ ভিতৰতে সম্ভৱ হ’ব পাৰে।

তেওঁৰ মতে, AIয়ে নতুন ঔষধৰ গৱেষণা, ৰোগৰ কাৰণ বিশ্লেষণ, ঔষধৰ সম্ভাৱ্য প্ৰভাৱ পৰীক্ষা আৰু নতুন চিকিৎসা পদ্ধতি উদ্ভাৱনত সহায় কৰিব। ইয়াৰ ফলত কৰ্কট বা এলঝেইমাৰৰ দৰে জটিল ৰোগৰ বিৰুদ্ধে অধিক ফলপ্ৰসূ চিকিৎসা বিকশিত কৰাৰ পথ মুকলি হ’ব পাৰে।

ইতিমধ্যে Anthropic-এ Bristol Myers Squibb-সহ ছটা ঔষধ নিৰ্মাণ আৰু জৈৱ-চিকিৎসা প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্ব কৰিছে। কোম্পানীটোৱে Mithril Medicine নামৰ ঔষধ গৱেষণা প্ৰতিষ্ঠানটোও অধিগ্ৰহণ কৰিছে। AIৰ সহায়ত এটা বিৰল পেশী ক্ষয় হোৱা ৰোগৰ চিকিৎসাৰ বাবে নতুন ঔষধৰ গৱেষণা চলোৱা হৈছে। পৰীক্ষা সফল হ’লে ২০২৮ চনৰ শেষৰফালে এই ঔষধৰ মানৱ শৰীৰত ক্লিনিকেল ট্ৰায়েল আৰম্ভ হ’ব পাৰে।

অৱশ্যে বিশেষজ্ঞসকলৰ মতে, AIয়ে গৱেষণাৰ সময় হ্ৰাস কৰিব পাৰিলেও মানুহৰ শৰীৰত ঔষধৰ প্ৰকৃত প্ৰভাৱ আৰু পাৰ্শ্বক্ৰিয়া পৰীক্ষা কৰিবলৈ সময়ৰ প্ৰয়োজন হ’ব। সেয়ে নতুন ঔষধৰ অনুমোদন লাভৰ প্ৰক্ৰিয়া এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান।

উল্লেখ্য যে, এই মুহূৰ্তত এয়া এক সম্ভাৱনাৰ দাবীহে, অহা এটা দশকৰ ভিতৰত এই ৰোগসমূহ সম্পূৰ্ণ নিৰ্মূল হ’ব বুলি নিশ্চিত কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বছৰৰ ৯ মাহ কৃষকে তাচ খেলি আৰু মদ্যপান কৰি কটায়! বিজেপি সাংসদৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক

মধ্যপ্ৰদেশত কৃষকসকলক লৈ বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন...

জম্মু-কাশ্মীৰৰ কুলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ, আহত ২ CRPF জোৱান

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুগৰাকী কেন্দ্ৰীয়...