দ্বিতীয় ইংনিছৰ বাবে সাজু কংগনা ৰাণাৱট

কংগনাৰ ৰাজনীতি
দ্বিতীয় ইংনিছৰ বাবে সাজু কংগনা ৰাণাৱট
কংগনাৰ বিয়া বুলি আকৌ নাভাবিব
সাংসদ হ’বলৈ আগবাঢ়িছে কংগনা

বক্স অফিচত তেজহীন হৈছে কংগনাৰ ‘তেজছ’। মন্দিৰে মন্দিৰে প্ৰাৰ্থনাও কৰিছে। হাতজোৰ কৰি তেজছ চাবলৈ দৰ্শকক আবেদন জনাইছে। পিছে একোতেই ফল ধৰা নাই। এতিয়াও আহিবলৈ বাকী কংগনাৰ কেইবাখনো ছবি। এনে ব্যৱস্থাৰ মাজতো কংগনা ৰাণাৱট সাজু হৈছে। জীৱনৰ দ্বিতীয় ইংনিছৰ বাবে। যোৱা কিছুদিন ধৰি কংগনাৰ বিয়াৰ কথাও ওলাই আছিল। পিছে এই দ্বিতীয় ইংনিছ মানে বিয়া নহয়।

ৰাজনীতি কৰিব কংগনাই
পৰ্দাত নহয়, বাস্তৱত
লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰিকল্পনা কংগনাৰ

এই বাতৰি বলিউডৰ আন তাৰকাই উলিওৱা নহয়, নহয় উৰা বাতৰি। স্বয়ং অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে এই কথা। গুজৰাটৰ দ্বাৰকা ভ্ৰমণ কৰিবলৈ গৈ মনৰ কথা ক’লে কংগনা ৰাণাৱটে। বিজেপিৰ পৰাই সাংসদ হোৱাৰ মন কংগনাৰ। গতিকে প্ৰধানমন্ত্ৰী মোদীক কি বুলি প্ৰশংসা কৰিব?

প্ৰধানমন্ত্ৰী মোদী সাধাৰণ মনুষ্য নহয়, তেওঁ অৱতাৰী পূৰুষ
দেশ আৰু ধৰ্ম ৰক্ষা কৰিবলৈ মোদীৰ আৱিৰ্ভাব হৈছে

এনে প্ৰশংসা শুনাৰ পিছত বিচাৰিলে কংগনা ৰাণাৱটে টিকটতো নাপাবনে বাৰু! সমষ্টি নিৰ্ধাৰণ হোৱা নাই যদিও প্ৰাৰ্থিত্ব পাম বুলি নিশ্চিত কংগনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...