কেলেংকাৰীৰ গোচৰত বিচাৰাধীন লুই বাৰ্জাৰত অসমত নতুন ঠিকা

কেলেংকাৰীৰ গোচৰত বিচাৰাধীন লুই বাৰ্জাৰত অসমত নতুন ঠিকা
কেন্দ্ৰীয় মন্ত্ৰীৰ নীতিন গাডকাৰীৰ ঘোষণাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া
চৰকাৰক ক্ষুৰধাৰ সমালোচনা বিৰোধীৰ
বিজেপি চৰকাৰৰ এই সিদ্ধান্তক অনৈতিক আখ্যা
পুৰণি কেলেংকাৰীক গাপ দিবলৈ লুই বাৰ্জাৰক পুৰস্কৃত কৰাৰ অভিযোগ

ৰাজ্য কপোৱা লুই বাৰ্জাৰ কেলেংকাৰীক লৈ পুনৰ গৰম হৈছে ৰাজ্যৰ ৰাজনৈতিক বতাহ। নুমলীগড়–গহপুৰ সংযোগী সুৰংগপথৰ ডিপিআৰ প্ৰস্তুতৰ বাবে বিতৰ্কিত লুই বাৰ্জাৰ কোম্পানীক দায়িত্ব অৰ্পণৰ নীতিন গাডকাৰীৰ ঘোষণাৰ পিছতে বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ নামত লুইবাৰ্জাৰে বৃহৎ‍ পৰিমানৰ ধন উৎ‍কোচ দিয়া গোচৰৰ চি বি আই তদন্ত আজিও অব্যাহত। তাৰ মাজতে পুনৰ লুই বাৰ্জাৰত নতুন কামৰ ঠিকা প্ৰদানক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাৰ প্ৰতিক্ৰিয়া ইয়াৰ কোনো বিকল্প নাই চৰকাৰৰ ওচৰত। পুৰণি কেলেংকাৰী গাপ দিবলৈ লুইবাৰ্জাৰক পুৰস্কৃত কৰা মবলি মন্তব্য ভূপেন বৰাৰ।

ইফালে লুইবাৰ্জাৰৰ বিৰুদ্ধে CBIৰ তদন্ত চলি থকাৰ মাজতে পুনৰ লুই বাৰ্জাৰত ঠিকা আৱণ্টন অনৈতিক আখ্যা বিধায়ক অখিল গগৈৰ। লুই বাৰ্জাৰক নতুন ঠিকা আৱণ্টন এক নতুন কেলেংকাৰী অখ্যা অখিলৰ। এনে বিতৰ্কিত প্ৰতিষ্ঠানক পুনৰ অসমত প্ৰৱেশ বন্ধ কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীক অখিল গগৈৰ প্ৰত্যাহ্বান।

ৰাজ্যত লোকসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই কুচকাবাজ আৰম্ভ কৰাৰ সময়ত আকৌ লুইচ বাৰ্জাৰৰ বিতৰ্কই নিশ্চয়কৈ অস্বস্তীত পেলাব শাশকীয় বিজেপিক। বিৰোধীৰ এনে আক্ৰমণৰ প্ৰত্যুত্তৰ এতিয়া চৰকাৰী পক্ষই কিদৰে দিয়ে সেয়াহে হ’ব লক্ষ্যণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...