বিক্ৰম লেণ্ডাৰৰ পেটৰ পৰা ওলাই গৈছে চলন্ত প্ৰজ্ঞান ৰ’ভাৰ

এক ইতিহাস সৃষ্টি কৰা ছেলফী
সমগ্ৰ ভাৰতজুৰি আলোড়ন সৃষ্টি কৰিছে ছেলফীয়ে
ছেলফীখন তুলিছিল চন্দ্ৰপৃষ্ঠত থিয় হৈ ৰোৱা বিক্ৰম লেণ্ডাৰে
বিক্ৰম লেণ্ডাৰৰ পেটৰ পৰা ওলাই গৈছে চলন্ত প্ৰজ্ঞান ৰ’ভাৰ
দেশৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায় প্ৰতিপন্ন কৰিলে ছেলফীখনে

জোনবাইৰ পৃষ্ঠত বিক্ৰম লেণ্ডাৰৰ অৱতৰণেৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কোটি কোটি ভাৰতীয়ৰ ৰুদ্ধশ্বাস প্ৰতীক্ষাৰ সফল সামৰণি ঘটাইছে। এইবাৰ ভাৰতীয়ক গৌৰৱান্বিত কৰি বিক্ৰম লেণ্ডাৰৰ বুকুৰ পৰা প্ৰজ্ঞান ৰ’ভাৰ লাহে লাহে ওলাই যোৱাৰ ছেলফী ছেয়াৰ কৰি ইছৰোই আন এক ঐতিহাসিক ঘটনাৰ চাক্ষুস সাক্ষী কৰালে বিশ্ববাসীক। বিক্ৰম লেণ্ডাৰে তোলা এই ছেলফীত দেখা গৈছিল শামুকীয়া গতিৰে চন্দ্ৰপৃষ্ঠলৈ নামি গৈছে প্ৰজ্ঞান ৰ’ভাৰ। বুধবাৰে সন্ধিয়া ৬ বাজি ৪ মিনিটত পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি বিক্ৰম লেণ্ডাৰৰ সঠিক অৱতৰণেৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইতিহাস সৃষ্টি কৰে। চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমবাৰৰ বাবে মানৱসৃষ্ট মহাকাশযান অৱতৰণ কৰাই অভিলেখ কৰিছিল ইছৰোই।

চন্দ্ৰপৃষ্ঠত চিৰদিনৰ বাবে চাপ ৰৈ গ’ল ৬ চকাযুক্ত প্ৰজ্ঞান ৰ’ভাৰৰ
ইছৰ’ৰ ৰঙীন ভিডিঅ’ত দেখা গৈছে প্ৰজ্ঞান ৰ’ভাৰে সৌৰশক্তি সংগ্ৰহ কৰিছে চন্দ্ৰদিনৰ পৰা
চন্দ্ৰপৃষ্ঠত ২.৮ ফুট ওখ প্ৰজ্ঞান ৰ’ভাৰৰ দেখা গৈছিল দীঘলীয়া ছাঁ
২৭ কিলো ওজনৰ প্ৰজ্ঞানৰ দৈৰ্ঘ্য আৰু পৃষ্ঠ হৈছে ক্ৰমে ৩.০X২.৫ ফুট

প্ৰজ্ঞান ৰ’ভাৰে চন্দ্ৰপৃষ্ঠত সৌৰশক্তিৰ সহায়ত প্ৰয়োজনীয় ৫০ ৱাট শক্তি সংগ্ৰহ কৰি ল’ব। ইয়াৰ সহায়ত মুঠ ১৪ দিন কাৰ্যক্ষম হৈ ৰ’ব বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞাৰ ৰ’ভাৰ। ইতিমধ্যে বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত ব্যস্ত হৈ পৰিছে প্ৰজ্ঞান ৰ’ভাৰ। বৃহস্পতিবাৰে প্ৰজ্ঞান ৰ’ভাৰ বিক্ৰম লেণ্ডাৰৰ বক্ষৰ পৰা ওলাই যায় যদিও শুকুৰবাৰেহে এই বিৰল দৃশ্য ৰাজহুৱা কৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। মানুহৰ বাবে এতিয়াও অচিন দক্ষিণ মেৰুত এতিয়া ব্যস্ত হৈ পৰিছে সম্পূৰ্ণ ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...