বজালীত এটা এমহীয়া শিশুয়ে জয় কৰিলে ক’ভিডক


গুৱাহাটী, ১২ জুন, NKTV: সমগ্ৰ বজালী জিলাৰ বাবে এটা সন্তোষজনক খবৰ। ক’ভিডক জয় কৰিবলৈ সক্ষম হ’ল বজালী জিলাৰ সৰুমানিকপুৰ গাঁৱৰ এটা এমহীয়া শিশুৱে। এসপ্তাহ পূৰ্বে এমহীয়া শিশুটোৰে সৈতে এটা পৰিয়ালৰ ৫ জনকৈ সদস্য ক’ভিডত আক্ৰান্ত হৈছিল। পৰিয়াটোৰ আটাইবোৰ সদস্যক শালবাৰীৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। এসপ্তাহ পিছত পৰিয়ালয়টো ক’ভিডমুক্ত হোৱাত তেওঁলোকক ৰিলিজ প্ৰদান কৰা হৈছিল। এমহীয়া শিশুটোৰ পিতৃ-মাতৃ ক্ৰমে- ধ্ৰুৱজ্যোতি কলিতা আৰু নিভাৰাণী কলিতাই তেওঁলোকৰ এমহীয়া সন্তানটো মহামাৰী ক’ভিডৰ পৰা আৰোগ্য লাভ কৰাত সন্তোষ প্ৰকাশ কৰে। লগতে ক’ভিড কেয়াৰ চেণ্টাৰৰ কৰ্মীৰ লগতে ডাক্তৰসকলে তেওঁলোকৰ সন্তানৰ বাবে লোৱা যত্নৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে, “ডাক্তৰসকলৰ চিকিৎসা তথা সুশ্ৰূষাৰ বাবে আমি বহুত সুখী।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ কেইবাখনো জিলাত ধাৰাবাহিক পথ দু/ৰ্ঘ/ট/না; কেইবাজনৰো মৃ/ত্যু

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে...

ঈশ্বৰপুত্ৰৰ আজি প্ৰথম পূণ্যতিথি; শ্ৰদ্ধাত নত অসম, সুৰত সজীৱ স্মৃতি

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম পূণ্যতিথি। জুবিন গাৰ্গৰ...