লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰত সফল অসমৰ শৈল্য চিকিৎসক ডা০ সুভাষ খান্না

গুৱাহাটী, ১২ জুন, NKTV: অসমৰ শৈল্য চিকিৎসক ডা০ সুভাষ খান্নাই শুকুৰবাৰে এটা ৱেবিনাৰত সফলভাৱে লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ সক্ষম হৈছে। ডা০ সুভাষ খান্নাই ৬০ খন দেশৰ মুঠ ২৫০ জন শৈল্য চিকিৎসকৰ উপস্থিতিত এই লাইভ ৰব’টিক অস্ত্ৰোপ্ৰচাৰটো সম্পন্ন কৰে। এই ৰব’টিক অস্ত্ৰোপ্ৰচাৰটোৰ সময়ত USA,RUSSIA,SPAIN আৰু বাংলাদেশৰ শৈল্য চিকিৎসকো উপস্থিত থাকে। ৱেবিনাৰখনত ডা০ সুভাষ খান্নায়ে চাৰ্জাৰিটোৰ লগত জড়িত বিভিন্ন সন্দেহ দূৰ কৰিবলৈ উত্তৰ দিয়াও পৰিলক্ষিত হয়। এই সফল অস্ত্ৰোপ্ৰচাৰটো সম্পন্ন কৰাৰ বাবে তেওঁক প্ৰশংসাও কৰা হৈছে। ৱেবিনাৰ খনত ডা০ খান্নায়ে ‘VERSIUS’ৰবটৰ জৰিয়তে এগৰাকী মহিলাৰ গল ব্লাডাৰৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে। ২০২০ বৰ্ষত ক্ৰয় কৰা এই ‘VERSIUS’ৰবটৰ জৰিয়তে এতিয়ালৈ মুঠ ১১০ টা সফল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হৈছে। এই ৰবটৰ জৰিয়তে ৩ৰ পৰা ১০ মিটাৰ নিলগতো অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰিব পৰা যায়। বৰ্তমান সমগ্ৰ দেশতে মুঠ ১২ টা’VERSIUS’ৰবট আছে। ইয়াৰে প্ৰথমটো পুনেত, দ্বিতীয়টো নাছিক আৰু তৃতীয়টো গুৱাহাটীৰ স্বাগত হাস্পতালে ক্ৰয় কৰিছিল। প্ৰতিটো ৰবটৰ বিপৰীতে ২০ কোটি টকা ব্যয় সাপেক্ষে UKস্থিত কেম্ব্ৰিজ মেডিকেল ৰবটিক, চাৰ্জিকেল (চিএমআৰ)ৰ পৰা ‘VERSIUS’ৰবট ক্ৰয় কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...