বজালীত এটা এমহীয়া শিশুয়ে জয় কৰিলে ক’ভিডক


গুৱাহাটী, ১২ জুন, NKTV: সমগ্ৰ বজালী জিলাৰ বাবে এটা সন্তোষজনক খবৰ। ক’ভিডক জয় কৰিবলৈ সক্ষম হ’ল বজালী জিলাৰ সৰুমানিকপুৰ গাঁৱৰ এটা এমহীয়া শিশুৱে। এসপ্তাহ পূৰ্বে এমহীয়া শিশুটোৰে সৈতে এটা পৰিয়ালৰ ৫ জনকৈ সদস্য ক’ভিডত আক্ৰান্ত হৈছিল। পৰিয়াটোৰ আটাইবোৰ সদস্যক শালবাৰীৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল। এসপ্তাহ পিছত পৰিয়ালয়টো ক’ভিডমুক্ত হোৱাত তেওঁলোকক ৰিলিজ প্ৰদান কৰা হৈছিল। এমহীয়া শিশুটোৰ পিতৃ-মাতৃ ক্ৰমে- ধ্ৰুৱজ্যোতি কলিতা আৰু নিভাৰাণী কলিতাই তেওঁলোকৰ এমহীয়া সন্তানটো মহামাৰী ক’ভিডৰ পৰা আৰোগ্য লাভ কৰাত সন্তোষ প্ৰকাশ কৰে। লগতে ক’ভিড কেয়াৰ চেণ্টাৰৰ কৰ্মীৰ লগতে ডাক্তৰসকলে তেওঁলোকৰ সন্তানৰ বাবে লোৱা যত্নৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে, “ডাক্তৰসকলৰ চিকিৎসা তথা সুশ্ৰূষাৰ বাবে আমি বহুত সুখী।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...