ভেকছিনৰ নাটনিঃ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত পৰি ৰৈছে লাখ-লাখ পালি ড’জ

যি সময়ত সমগ্ৰ দেশতে ভেকছিনৰ অভাৱৰ খবৰ পোৱা গৈছে, চৰকাৰী তথ্যই দেখুৱাইছে যে যোৱা মাহত ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত মাত্ৰ ১৭ শতাংশ পালি ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ হাতত বৃহৎ পৰিমাণৰ অব্যৱহৃত ভেকছিন মজুত আছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, সমগ্ৰ দেশতে মুঠ ৭.৪ কোটি পালি উপলব্ধ কৰোৱা হৈছিল, যাৰ ভিতৰত ব্যক্তিগত চিকিৎসালয়ৰ বাবে ১.৮৫ কোটি পালি ধাৰ্য্য কৰা হৈছিল। সমগ্ৰ ভাৰতৰ ব্যক্তিগত চিকিৎসালয়সমূহে উপলব্ধ ১.৮৫ কোটি শ্বটৰ ১.২৯ কোটি ভেকছিন পালি ক্ৰয় কৰিছিল, অৱশ্যে, তথ্যই দেখুৱাইছে যে মাত্ৰ ২২ লাখ পালিহে ব্যৱহাৰ কৰা হৈছে।

এই মাহৰ আৰম্ভণিতে, চৰকাৰে ব্যক্তিগত চিকিৎসালয়সমূহে ক’ভিড ভেকছিনৰ বাবে আদায় কৰিব পৰা সৰ্বাধিক মূল্য নিৰ্ধাৰণ কৰিছিল।

ক’ভিশ্বিল্ডৰ মূল্য ৭৮০ টকা, ৰাছিয়ান ভেকছিন স্পুটনিক ভি-ৰ মূল্য ১,১৪৫ টকা নিৰ্ধাৰণ কৰা হৈছে আৰু স্বদেশীভাৱে তৈয়াৰ কৰা ক’ভাক্সিনৰ মূল্য ১,৪১০ টকা ধাৰ্য্য কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে কৰ আৰু লগতে চিকিৎসালয়সমূহৰ বাবে ১৫০ টকাৰ সেৱা মাচুল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা নতুন ভেকছিন নীতিৰ অধীনত – যিটো ২১ জুনৰ পৰা কাৰ্যকৰী কৰা হ’ব, আন্তৰ্জাতিক যোগ দিৱস – কেন্দ্ৰই কৈছিল যে ই কোম্পানীবোৰে প্ৰস্তুত কৰা ভেকছিনৰ ৭৫ শতাংশ ক্ৰয় কৰিব, যাৰ ভিতৰত বৰ্তমান ৰাজ্যসমূহক আৱণ্টন কৰা ২৫ শতাংশ ভেকছিনো আছে। ব্যক্তিগত চিকিৎসালয়সমূহে বাকী ২৫ শতাংশ ক্ৰয় কৰা অব্যাহত ৰাখিব আৰু যিসকলে পৰিশোধ কৰিবলৈ ইচ্ছুক তেওঁলোকক টিকাকৰণ কৰিব।

চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানবোৰত, সকলো যোগ্য ব্যক্তিক বিনামূলীয়াকৈ ভেকছিন প্ৰদান কৰা হ’ব।

উল্লেখ্যযোগ্য যে, মে’ মাহত ঘোষণা কৰা পূৰ্বৰ ভেকছিন নীতিক বহুলভাৱে সমালোচিত কৰা হৈছিল কাৰণ পৃথক মূল্য নিৰ্ধাৰণ কৰা হৈছিল। সমালোচকসকলে আঙুলিয়াই দিছিল যে বহুতো দেশে বিনামূলীয়াকৈ টিকাকৰণ কৰি আছে, চৰকাৰে সকলো ব্যয় বহন কৰিছে।

ভাৰতে এতিয়ালৈকে ২৪ কোটিতকৈও অধিক ভেকছিনপালি প্ৰদান কৰিছে আৰু এই বছৰৰ শেষৰ ফালে ১০৮ কোটিৰো অধিক লোকক টিকাকৰণ কৰাৰ লক্ষ্য ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...

ডিব্ৰুগড়ৰ খোৱাঙত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত কিশোৰ

ডিব্ৰুগড় জিলাৰ খোৱাঙত পুনৰ নাহৰফুটুকীৰ আতংক। নাহৰফুটুকীৰ আক্ৰমণত এজন...