অসম, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ডত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

পুব মধ্য বংগোপসাগৰত ক্ৰমাৎ বিধ্বংসী ৰূপ লৈছে সামুদ্ৰিক ঘূৰ্ণি ‘মোখা’ই। ইয়াৰ প্ৰভাৱত উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰৱল বৃষ্টিপাতৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। বতৰ বিজ্ঞান বিভাগৰ সকীয়নি অনুসৰি ইতিমধ্যে পূব মধ্য বংগোপসাগৰৰ পৰা উত্তৰ–পূব দিশলৈ ধাবমান হৈছে এই সামুদ্ৰিক ঘূৰ্ণি। ক্ৰমাগতভাৱে শক্তি সঞ্চয় কৰি শনিবাৰে পুৱাৰে পৰা গতিবৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে মোখাই। বংগোপসাগৰত তুলনামূলকভাৱে মোখাৰ গতি যথেষ্ঠ কম থাকিব যদিও উপকূলৱৰ্তী অঞ্চললৈ ধাবমান হোৱাৰ লগে লগে গতি বৃদ্ধি পাব মোখাৰ। দেওবাৰে সন্ধিয়াৰ ভিতৰত বাংলাদেশৰ কক্সবাজাৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে মোখাই। এই সময়ছোৱাত মোখাৰ গতি হ’ব ঘণ্টাত ১৪০ৰ পৰা ১৫০ কিলোমিটাৰ। পৰৱৰ্তী সময়ছোৱাত মোখাৰ গতি ঘণ্টাত ১৬৫ কিলোমিটাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে। মোখাৰ প্ৰভাৱত অসম, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে জিলা প্ৰশাসনক আগতীয়া সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে সংশ্লিষ্ট ৰাজ্য চৰকাৰে। ইয়াৰ সমান্তৰভাৱে বাংলাদেশ আৰু ম্যানমাৰৰ উপকূলৱৰ্তী অঞ্চলসমূহতো মোখাৰ সম্ভাৱ্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতৰ্কতা জাৰি কৰা হৈছে।

ক্ৰমাৎ বিধ্বংসী ৰূপ লৈছে সামুদ্ৰিক ঘূৰ্ণি ‘মোখা’ই

পূব-মধ্য বংগোপসাগৰৰ পৰা উত্তৰ-পূব দিশলৈ ধাৱমান মোখা

শনিবাৰে পুৱাৰে পৰা বৃদ্ধি পাইছে মোখাৰ গতি

দেওবাৰে সন্ধিয়া বাংলাদেশ-ম্যানমাৰৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা

এই সময়ছোৱাত মোখাৰ গতি হ’ব ঘণ্টাত ১৪০ৰ পৰা ১৫০ কিঃমিঃ

পৰৱৰ্তী সময়ছোৱাত মোখাৰ গতি হ’ব ঘণ্টাত ১৬৫ কিলোমিটাৰলৈ

অসম, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ডত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

আগতীয়া সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ বতৰ বিজ্ঞান বিভাগৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Ramanuj Goswami Dies After Alleged Escape Attempt While in Police Custody

Ramanuj Goswami, who had been arrested in connection with...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...