কৰ্ণাটকত মুখ থেকেচা খালে বিজেপিয়ে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰায় এমাহজোৰা প্ৰচেষ্টাক মষিমূৰ কৰি শাসন ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জি পি নাড্ডাকে ধৰি শীৰ্ষ নেতৃত্বৰ আশ্বাস প্ৰতিশ্ৰুতিক ভৰিৰে মোহাৰি কংগ্ৰেছক আকোৱালি ল’লে কৰ্ণাটকবাসীয়ে। ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ–বিজেপি উভয়ৰে বাবে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন আছিল ‘লিটমাছ টেষ্ট’। কিন্তু অন্তিম মুহূৰ্তত কংগ্ৰেছৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল বিজেপি।
কৰ্ণাটকত অসাৰ হ’ল ‘মোদী মেজিক’
অথলে গ’ল মোদীৰ ৩৬ কিলোমিটাৰজোৰা ৰোড শ্ব’
কংগ্ৰেছৰ হাতত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল বিজেপি
এয়া বিজেপিৰ কুশাসন নে কংগ্ৰেছৰ একত্ৰিত সমৰসজ্জা?
প্ৰায় এমাহজুৰি কৰ্ণাটকবাসীৰ মন জয়ৰ বাবে প্ৰস্তুতি চলায়ো অৱশেষত কংগ্ৰেছৰ হাতত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল বিজেপি। বিধানসভা নিৰ্বাচনত বিজেপিক ওফৰাই কংগ্ৰেছৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিলে সাধাৰণ জনতাই। বিজেপিৰ প্ৰলোভনত ভোল নগৈ কংগ্ৰেছক আকৌ এবাৰ আকোৱালি ল’লে কৰ্ণাটকবাসীয়ে। একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ বাবে সাজু হৈছে কংগ্ৰেছ নেতৃত্ব। ২২৪জনীয়া বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৩খনৰো অধিক আসন লাভ কৰি পুনৰ চমক সৃষ্টি কৰিলে কংগ্ৰেছে।
কিন্তু কৰ্ণাটকত বিজেপিৰ এই পৰাজয়ৰ কাৰণ কি?
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত উবুৰি খাই পৰিছিল বিজেপি নেতৃত্ব। যিকোনো প্ৰকাৰে কৰ্ণাটকবাসীৰ মনজয়ৰ বাবে আশ্বাস, প্ৰতিশ্ৰুতিৰে ওপচাই পেলাইছিল বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ বিভিন্ন চহৰত নিৰ্বাচনী সভাত ভাগ লোৱাৰ লগতে দুটা পৰ্যায়ত ৩৬ কিলোমিটাৰজোৰা ৰেলীত ভাগ লৈছিল মোদীয়ে। মোদীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতৃবৰ্গই যোৱা প্ৰায় এমাহ ধৰি প্ৰচাৰ চলাই আহিছিল কৰ্ণাটকত।
তথাপি শেষ ৰক্ষা নহ’ল বিজেপিৰ
বিজেপিক একেমুখে প্ৰত্যাখ্যান কৰিলে কৰ্ণাটকবাসীয়ে
দক্ষিণ ভাৰতত বিজেপিৰ বাবে বন্ধ হ’ল প্ৰৱেশদ্বাৰ
বিজেপিৰ বাবে আধৰুৱা হৈ ৰ’ল ভাৰতক কংগ্ৰেছমুক্ত কৰাৰ স্বপ্ন
বিজেপিয়ে দিনে–নিশাই চলোৱা নিৰ্বাচনী প্ৰচাৰেও আকৰ্ষিত কৰিবলৈ সক্ষম নহ’ল কৰ্ণাটকবাসীক। বিজেপিক ওফৰাই পুনৰ কংগ্ৰেছৰ ওপৰত সাধাৰণ জনতাৰ গভীৰ আস্থাৰ প্ৰতিফলন ঘটিল এই নিৰ্বাচনত। কিন্তু কৰ্ণাটকত বিজেপিৰ এই পৰাজয়ৰ কাৰণ কি?
২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে এয়া আছিল কংগ্ৰেছ-বিজেপিৰ ‘লিটমাছ টেষ্ট’
কৰ্ণাটকত কংগ্ৰেছৰ তুলনাত বিজেপিৰ ভিত্তি এতিয়াও সবল নহয়
বিজেপিৰ বাবে প্ৰত্যাহ্বান আছিল ডি কে শিৱকুমাৰ-সীতাৰামায়াৰ একত্ৰিত শক্তি
কংগ্ৰেছৰ অন্যতম শক্তি আছিল কৰ্ণাটকৰ মহিলা ভোট
কংগ্ৰেছৰ বাবে আন এক শক্তিৰূপে বিবেচিত হৈছিল লিংগায়ত সম্প্ৰদায়
মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইৰ দুৰ্বল নেতৃত্ব বিজেপিৰ পৰাজয়ৰ অন্যতম কাৰণ
কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত ভোটাৰৰ মনজয়ৰ বাবে আপ্ৰাণ চেষ্টা চলায়ো অৱশেষত কংগ্ৰেছৰ ওচৰত ধৰাশায়ী হ’বলগীয়া হ’ল বিজেপি। কংগ্ৰেছৰ ওচৰত পৰাজয় স্বীকাৰ কৰি ইয়াৰ কাৰণ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে।
ইয়াৰ উপৰি নিৰ্বাচনত বিজেপিৰ ব্যৰ্থতাত অৰিহণা যোগাইছে আন কেতবোৰ কাৰকেও। ৰাজ্যখনত বিজেপিৰ নেতা–কৰ্মীৰ মাজত চলা আভ্যন্তৰীণ বিবাদ, প্ৰাৰ্থিত্ব প্ৰদান, কেবাজনো বিজেপি বিধায়কৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ, উত্তৰ আৰু দক্ষিণ ভাৰতকলৈ চলা বৈষম্যতা আৰু সংৰক্ষণ ব্যৱস্থাক লৈও বিজেপি চৰকাৰ সাধাৰণ জনতাৰ ৰোষৰ বলি হ’বলগীয়া হয়।
Good day! Do you know if they make any plugins to help with Search Engine Optimization? I’m trying to get my blog to rank for some targeted keywords but I’m not seeing very good results.
If you know of any please share. Thanks! You can read similar art here:
Eco blankets
Hi there! Do you know if they make any plugins to help with Search Engine Optimization? I’m trying to get my
blog to rank for some targeted keywords but I’m not seeing very good gains.
If you know of any please share. Many thanks!
You can read similar article here: Coaching
I’m extremely impressed together with your writing talents and also with the format on your blog. Is this a paid subject matter or did you customize it yourself? Either way stay up the excellent high quality writing, it is rare to peer a nice weblog like this one nowadays. I like as.nktv.in ! My is: BrandWell
I am really impressed along with your writing skills as neatly as with the structure for your weblog. Is that this a paid subject matter or did you customize it your self? Either way stay up the nice high quality writing, it is rare to see a nice blog like this one nowadays. I like as.nktv.in ! I made: Madgicx