সোণাৰিৰ ব্যস্ত ৰাজপথত হঠাৎ যুদ্ধৰ শংখনিনাদ

সোণাৰিৰ ব্যস্ত ৰাজপথত হঠাৎ যেন এখন যুদ্ধহে লাগিল। এজন লোকে এগৰাকী মহিলাক চুলিত ধৰি টনা আঁজোৰা কৰিলে। কিন্তু কিয়? কি কৰিলে মহিলাগৰাকীয়ে? কিহৰ ইমান ক্ষোভ! আচলতে ক্ষোভ নে দুখ এইজন লোকৰ?
…………………………………….
সোণাৰিৰ ব্যস্ত ৰাজপথত হঠাৎ যুদ্ধৰ শংখনিনাদ
শিক্ষক পতিয়ে চুলিত ধৰি টানিলে শিক্ষয়িত্ৰী পত্নীক
কিন্তু কিয়? কি কৰিলে এইগৰাকী পত্নীয়ে?
পৰকীয়া প্ৰেম কৰাৰ বাবেই চুলিত ধৰিছিল পত্নীক
টনা-আজোঁৰাতেই নেন’ গাড়ী লৈ পলাল প্ৰেমিক

পলাল মানে সাৰি গ’ল নেন’ গাড়ীৰ মালিক। এতিয়া কি কৰা যায় বৈবাহিক জীৱনৰ বিশ্বাসক ভাঙি চূড়মাৰ কৰা এইগৰাকী পত্নীক। উপায়হীন হৈ চুবুৰীয়া ল’ৰাকেইটাকে দুখৰ কথা ক’লে শিক্ষক পতিয়ে।
‘চা বাবু চা, মোক বৰ বেয়াকৈ মাৰিলে’

সোণাৰিৰ ৰাজপথত দুই শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত দেখা গল এই হতাহতি। চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে শিক্ষক পতিয়ে চুলিত ধৰি আঁজুৰিলে শিক্ষয়িত্ৰী পত্নীক। শিক্ষয়িত্ৰী পত্নীৰ পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ’ল এই ঘটনাটো। ইফালে পতি-পত্নীৰ কাজিয়া দেখি এইদৰেই নেন’ গাড়ী লৈ পলায়ন কৰিলে অবৈধ প্ৰেমিকজনে। প্ৰত্যক্ষদৰ্শীৰ মতে ইয়াৰ পূৰ্বেও সোণাৰিৰ ৰাজপথত এইহাল পতি-পত্নীৰ কাজিয়া দেখা গৈছিল। জীৱনে কাক কলৈ লৈ যায় কোনেও নাজনে। গতিকে নিজৰ প্ৰিয়জনক সুখত ৰাখক। সমাজখন অসুখী। কাৰ ক’ত কেতিয়া মন পিছলে কোনে জানে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...