দক্ষিণ ভাৰতত অসাৰ হৈ পৰিল ‘মোদী মেজিক’

0 116

প্ৰবল প্ৰতিষ্ঠান বিৰোধী জোৱাৰ, বিজেপিৰ দুৰ্বল শাসন ব্যৱস্থা আৰু বিজেপিৰ প্ৰতি জনসাধাৰণৰ ক্ষোভৰ প্ৰতিফলন ঘটিল কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত। শনিবাৰে ঘোষিত ফলাফলত বিজেপিত মুখ থেকেচা খুৱাই বিপুল ভোটত জয়লাভ কৰি কৰ্ণাটকৰ শাসন ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ। ২২৪খন আসন বিশিষ্ট কৰ্ণাটক বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৩খনতকৈও অধিক আসনত বিজয়েৰে একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হ’ল কংগ্ৰেছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতৃবৰ্গই দিনে নিশা চলোৱা অভিযানেও জনসাধাৰণক আকৰ্ষিত কৰিব নোৱাৰিলে। বিজেপিক পৰাভূত কৰি কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠন নিশ্চিত কৰাৰ পিছতে উৎফুল্লিত হৈ পৰে কংগ্ৰেছ শিবিৰ। ভোটগণনা আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে কংগ্ৰেছৰ অগ্ৰগতিলৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ নিৰ্বাচনী যুঁজত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হয় বিজেপিয়ে।

কৰ্ণাটকত কংগ্ৰেছৰ জয়জয়কাৰ

কংগ্ৰেছৰ হাতত বশ্যতা স্বীকাৰ বিজেপিৰ

বিজেপিক পৰাভূত কৰি সংখ্যাগৰিষ্ঠতা লাভ কংগ্ৰেছৰ

বিজেপি চৰকাৰক ওফৰাই চৰকাৰ গঠনৰ প্ৰস্তুতি কংগ্ৰেছৰ

যোৱা প্ৰায় এমাহ ধৰি অব্যাহত থকা নিৰ্বাচনী যুঁজৰ পিছত বিজেপিৰ পৰা কৰ্ণাটক কাঢ়ি ল’বলৈ সক্ষম হ’ল কংগ্ৰেছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতৃবৰ্গই ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী সভা আৰু ৰেলী অনুষ্ঠিত কৰিও শেষ ৰক্ষা কৰিব নোৱাৰিলে বিজেপিয়ে। ৰাজ্যখনৰ ২২৪খন আসনৰ ভিতৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১১৩খনতকৈও অধিক লাভ কৰি কংগ্ৰেছে চমকপ্ৰদ সাফল্যৰ প্ৰতিফলন ঘটালে বিধানসভা নিৰ্বাচনত। ইয়াৰ লগে লগে বিজেপিমুক্ত হ’ল সমগ্ৰ দক্ষিণ ভাৰত।

কৰ্ণাটক আছিল দক্ষিণ ভাৰতত বিজেপিৰ প্ৰৱেশদ্বাৰ

বিধানসভা নিৰ্বাচনে বন্ধ কৰিলে বিজেপিৰ এই প্ৰৱেশদ্বাৰো

দক্ষিণ ভাৰতত অসাৰ হৈ পৰিল ‘মোদী মেজিক’

কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ এই বিজয়ৰ নেপথ্যত দলৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ভূমিকাও লক্ষ্যণীয়। বিজেপিৰ হেভিৱেট প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃবৰ্গৰ প্ৰচাৰে ৰাজ্যবাসীক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।  কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰায়ো এইবাৰৰ নিৰ্বাচনত প্ৰভাৱ পেলোৱা বুলি দাবী কৰিছে কংগ্ৰেছ নেতা–কৰ্মীসকলে।

কৰ্ণাটকত কংগ্ৰেছৰ এই অভাৱনীয় বিজয়ৰ পিছতে আৱেগিক হৈ পৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ। এই বিজয়ত কংগ্ৰেছৰ আন নেতা–কৰ্মী সকলৰ লগতে শিৱকুমাৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ অৱদানৰ কথা বিশেষভাৱে স্মৰণ কৰে।

নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভৰ পিছতে কৰ্ণাটকত চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলাইছে কংগ্ৰেছ নেতৃত্বই। জ্যেষ্ঠ কংগ্ৰেছী নেতা সীতাৰামায়াই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চমকেও সাধাৰণ জনতাক প্ৰলোভিত কৰিব নোৱাৰাটো দেশৰ বাবেই শুভ লক্ষণ। মোদী মেজিক এইবাৰ কৰ্ণাটকত সম্পূৰ্ণৰূপে ব্যৰ্থ হ’ল। দেওবাৰে অনুষ্ঠিত হ’ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক। এই বৈঠকতে নিশ্চিত হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।

বিজয়ৰ পিছত কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে সাজু হ’লেও পৰৱৰ্তী মুখ্যমন্ত্ৰী পদক লৈ ইতিমধ্যে কংগ্ৰেছৰ ভিতৰচৰাত চৰ্চা আৰম্ভ হৈছে। কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ আৰু সীতাৰামায়াৰ কোনো এজনে মুখ্যমন্ত্ৰী পদত অধিস্থিত হোৱাটো প্ৰায় নিশ্চিত যদিও মুখ্যমন্ত্ৰিত্বৰ এই কাৰ্যকাল দুয়োজন শীৰ্ষ নেতাৰ মাজত ভাগ হোৱাৰ সম্ভাৱনাক লৈও চৰ্চা আৰম্ভ হৈছে। ইপিনে বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিজয়ৰ পথ নিশ্চিত হোৱাৰ পিছতে কংগ্ৰেছ শিবিৰ উৎফুল্লিত হৈ পৰে । ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা কংগ্ৰেছ কাৰ্যালয়ত দলীয় নেতা–কৰ্মীসকলে মিঠাই বিতৰণ কৰাৰ লগতে ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে।  

Leave A Reply

Your email address will not be published.