মোবাইলত গেম খেলিব নোৱাৰাৰ বাবেই আত্মহত্যা কৰিলে চিৰাঙৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই

গুৱাহাটী, ১০ জুন, NKTV: শেহতীয়াকৈ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে স্কুল-কলেজ বন্ধ হৈ পৰাত ছাত্ৰ-ছাত্ৰী সকল ঘৰতে থাকি মোবাইল গেমৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। মোবাইল গেমৰ প্ৰতি আকৰ্ষিত হৈ বহুতো ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ কথা সততে পোহৰলৈ আহে। এইবাৰ চিৰাঙত এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। চিৰাঙৰ ৰুনিখাতা হাইস্কুলৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই বাচি ল’লে আত্মহত্যাৰ দৰে চৰম পন্থা। পিছে কোনো পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা কাৰণে নহয়, মোবাইলত গেম খেলিব নোৱাৰিহে ছাত্ৰজনে আত্মহত্যাৰ কৰাৰ কথা জানিব পৰা গৈছে। মোৰেমবাৰী গাঁওৰ দশম শ্ৰেণীৰ ছাত্ৰ বুৰলুংবুথুৰ বসুমতাৰী(১৭)ৰ আত্মহত‍্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল বুৰলুংবুথু। লক্ষেশ্বৰ বসুমতাৰীৰ পুত্ৰ বুৰলুংবুথুৰ বসুমতাৰীয়ে মোবাইলত সদায় ফ্ৰি ফায়াৰ আৰু পাবজি গেম খেলিছিল। কিন্ত পিতৃৰ মোবাইল স্ক্ৰিন ভঙাৰ ফলত গেম খেলিব নোৱাৰি আজি চিপ লৈ নিজৰ ঘৰতে আত্মহত‍্যা কৰে বুলি গাঁৱৰ লোকে জানিব দিয়ে। পিছত পৰিয়াল আৰু গাঁওৰ লোকে আৰক্ষীক খবৰ নিদিয়াকৈয়ে ছাত্ৰজনৰ মৃতদেহ সৎকাৰ কৰে। এইঘটনাটোৱে সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পেলাইছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...