বানপানী-গৰাখহনীয়াৰ সৈতে যুঁজিবলৈ মাজুলীত ‘স্মাৰ্ট ভিলেজ’ প্ৰকল্প, আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ লক্ষ্য ২খন গাঁও

বানপানী আৰু গৰাখহনীয়াৰ অবিৰত ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ মাজুলীত গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। অষ্ট্ৰেলিয়া চৰকাৰৰ আৰ্থিক সহযোগিতাৰে মাজুলীত ৰূপায়ণ কৰা হৈছে ‘স্মাৰ্ট ভিলেজ’ শীৰ্ষক এক বিশেষ পাইলট প্ৰকল্প। মাজুলীৰ দুখন গাঁওক আদৰ্শ স্মাৰ্ট ভিলেজ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই পদক্ষেপ।

বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। এফালে বানপানী, আনফালে গৰাখহনীয়াৰ অবিৰত ভাবুকি। প্ৰতিবছৰে প্ৰকৃতিৰ সৈতে যুঁজ দি জীৱন অতিবাহিত কৰিবলগীয়া হয় নৈপৰীয়া মাজুলীবাসীয়ে। এনে পৰিস্থিতিত বানপানী আৰু গৰাখহনীয়াৰ সৈতে মোকাবিলা কৰাৰ সক্ষমতা বৃদ্ধি কৰাৰ লক্ষ্যৰে মাজুলীৰ কৰতিপাৰ পঞ্চায়তত আৰম্ভ কৰা হৈছে এই বিশেষ প্ৰকল্প।

অষ্ট্ৰেলিয়া চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য বিভাগৰ পুঁজি যোগান কাৰ্যসূচীৰ অধীনত ৰূপায়ণ কৰা হৈছে প্ৰকল্পটো। ইয়াৰ কাম-কাজ পৰিদৰ্শনৰ বাবে মাজুলীত উপস্থিত হয় অষ্ট্ৰেলিয়া চৰকাৰৰ কনছুল জেনেৰেল বাৰ্ণাড লিঞ্চ। তেওঁৰ সৈতে উপস্থিত থাকে মেলবৰ্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা প্ৰকল্পটোৰ নেতৃত্বত থকা অসম সন্তান হেমন্ত দলৈ, আই আই টি গুৱাহাটীৰ অধ্যাপক ড০ অৰূপ কুমাৰ শৰ্মাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

এই পাইলট প্ৰকল্পৰ বাবে মাজুলীৰ চাৰিঘৰীয়া আৰু শ্ৰীৰামপুৰীয়া নামৰ দুখন গাঁও নিৰ্বাচন কৰা হৈছে। দীৰ্ঘম্যাদী পৰিকল্পনাৰে গাঁও দুখনক আদৰ্শ ‘স্মাৰ্ট ভিলেজ’ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰকল্পটোৰ অধীনত প্ৰায় ১০ হাজাৰৰ পৰা ১৫ হাজাৰ গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে এহেজাৰতকৈ অধিক থলুৱা প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হৈছে। বিশেষকৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নদীৰ পাৰত কাঞ্চন গছ ৰোপণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি আম, কঠালকে ধৰি বিভিন্ন ফলমূলৰ গছ ৰোপণৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ লগতে স্থানীয় লোকসকলৰ বাবে উপাৰ্জনৰ নতুন পথ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা হৈছে।

কেৱল বৃক্ষৰোপণতে সীমাবদ্ধ নাথাকিব এই প্ৰকল্প। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আই আই টি গুৱাহাটীৰ গৱেষণা আৰু কাৰিকৰী জ্ঞানৰ সহায় লোৱা হ’ব। ইয়াৰ সমান্তৰালভাৱে থলুৱা ফুলৰ গছ ৰোপণ কৰি মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে পৰিৱেশ পৰ্যটনৰ সম্ভাৱনাও বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰ ফলত হোমষ্টে, আতিথ্য সেৱা আৰু বিভিন্ন গ্ৰাম্য উদ্যোগৰ জৰিয়তে স্থানীয় লোকসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ আশা কৰা হৈছে।

মাজুলী ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ মতামত গ্ৰহণ কৰি যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে অষ্ট্ৰেলিয়াৰ কনছুল জেনেৰেল বাৰ্ণাড লিঞ্চে।

প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি মাজুলীৰ গ্ৰাম্য জীৱন আৰু অৰ্থনীতিক নতুন ৰূপ দিয়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বানপানী আৰু গৰাখহনীয়াৰ দৰে দীৰ্ঘদিনীয়া সমস্যাৰ সৈতে যুঁজিবলৈ কিমান সহায় কৰে, সেয়া হ’ব লক্ষণীয়। এতিয়া স্থানীয় ৰাইজৰ লগতে সকলোৰে দৃষ্টি নিবদ্ধ হৈছে এই ‘স্মাৰ্ট ভিলেজ’ প্ৰকল্পৰ সফল ৰূপায়ণৰ দিশত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিচুকীয়াত NIOS পৰীক্ষাকেন্দ্ৰত ধনৰ খেল! আৰক্ষীৰ জালত অধ্যক্ষসহ কেইবাজনো

তিনিচুকীয়াত NIOS পৰীক্ষাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা। ধনৰ বিনিময়ত...

জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা...