জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা চালকৰ দৌৰাত্ম্য। এইবাৰ সন্তানসহ ঘৰলৈ উভতি যোৱা এগৰাকী মহিলাক অশালীন গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে এগৰাকী ই-ৰিক্সা চালকৰ বিৰুদ্ধে।

জানিব পৰা মতে, সন্তানক স্কুলৰ পৰা লৈ ঘৰলৈ উভতাৰ বাবে AS-21ER-7110 নম্বৰৰ ই-ৰিক্সাখনত উঠিছিল মহিলাগৰাকী। কিন্তু নিৰ্ধাৰিত স্থানলৈ নিয়াৰ পৰিৱৰ্তে চালকজনে অন্য পথেৰে লৈ যোৱাৰ অভিযোগ কৰে মহিলাগৰাকীয়ে। ইয়াৰ প্ৰতিবাদ কৰাত চালকজনে মহিলাগৰাকীৰ ডিঙি চেপি আক্ৰমণ কৰাৰ লগতে অশালীন ভাষাৰে গালি-গালাজ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে চালকজনক আগুৰি ধৰাত ই-ৰিক্সাখন আৰু মোবাইল ফোনটো এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে চালকজন। খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা জাগীৰোড আৰক্ষীয়ে জব্দ কৰে ই-ৰিক্সাখনৰ লগতে মোবাইল ফোনটো। ঘটনা সন্দৰ্ভত পম্পী কোঁৱৰ নামৰ মহিলাগৰাকীয়ে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, এই একেটা স্থানতে যোৱা ৪ অক্টোবৰত সংঘটিত হৈছিল আন এক চাঞ্চল্যকৰ ঘটনা। মিনতি দেৱনাথ নামৰ এগৰাকী বৃদ্ধাক ই-ৰিক্সাৰে অপহৰণ কৰি হত্যা কৰাৰ লগতে তেওঁৰ শৰীৰৰ পৰা সকলো আ-অলংকাৰ লুটি নিছিল দুৰ্বৃত্তই। ইতিমধ্যে উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

সেই হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে পুনৰ সংঘটিত হ’ল মহিলাক আক্ৰমণৰ এই ঘটনা। জাগীৰোডৰ মাজমজিয়াত দিন-দুপৰতে ইটোৰ পিছত সিটো এনে ঘটনা সংঘটিত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ। বিশেষকৈ মহিলা আৰু শিশুৰ নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ আৰক্ষী-প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰাক উপত্যকাৰ বিমান যোগাযোগত নতুন দিগন্ত! ডলুত ২,০১৪ কোটি টকাৰে নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ

বৰাক উপত্যকাৰ বিমান যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে...

NDAত যোগ দিলে শাৰদ পাৱাৰক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিবেচনা কৰিব পাৰিলেহেঁতেন মোদীয়ে : ৰামদাস আঠাৱালে

শাৰদ পাৱাৰে ২০১৯ চনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট...

“তোৰ খুৰা চোৰ”—সঞ্জয় গান্ধীক লৈ মন্তব্য কৰাত সহপাঠীক চৰ মাৰিছিল প্ৰিয়ংকা গান্ধীয়ে

১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা গান্ধীৰ পৰাজয় আৰু জৰুৰীকালীন...