জয়পুৰৰ পিতৃগৃহত ঘনকান্ত গগৈৰ মৃতদেহ; এনকাউণ্টাৰক লৈ পত্নীৰ সন্দেহ, পুত্ৰক সাহসী আখ্যা ঘনকান্তৰ মাতৃৰ

জয়পুৰৰ পিতৃগৃহত উপস্থিত কৰা হৈছে ঘনকান্ত গগৈৰ মৃতদেহ। স্বামীৰ মৃতদেহ লৈ যোৱাৰ পাছতে এনকাউণ্টাৰৰ ঘটনাক লৈ সন্দেহ প্ৰকাশ কৰিছে পত্নীয়ে।

হোটেল বিলাস ইন কাণ্ডত তৃতীয় পক্ষৰ ভূমিকা থকাৰ সন্দেহ প্ৰকাশ কৰিছে ঘনকান্তৰ পত্নীয়ে। স্বামীৰ মৃত্যুৰ আঁৰত প্ৰকৃত ৰহস্য কি, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে তেওঁ।

ইফালে, ঘনকান্তৰ মাতৃৰ এক মন্তব্যই সৃষ্টি কৰিছে আন এক চৰ্চাৰ। পাঁচজনকৈ লোকক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগত অভিযুক্ত পুত্ৰক ‘সাহসী’ আখ্যা দি মাতৃয়ে কয়, “মোৰ ল’ৰা সাহসী আছিল। গুলী খাই মৰিবলৈ বুকু পাতি দিছিল।”

ঘনকান্ত গগৈৰ জয়পুৰ লেবাংকুলা ঘৰত শোকাকুল পৰিৱেশ। অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যা-যোগাৰ কৰিছে গাঁওবাসীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিচুকীয়াত NIOS পৰীক্ষাকেন্দ্ৰত ধনৰ খেল! আৰক্ষীৰ জালত অধ্যক্ষসহ কেইবাজনো

তিনিচুকীয়াত NIOS পৰীক্ষাক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা। ধনৰ বিনিময়ত...

জাগীৰোডত পুনৰ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য! মহিলাক ডিঙি চেপি আক্ৰমণ, অশালীন গালি-গালাজ

জাগীৰোডৰ ৰে’লৱে উৰণ সেতুৰ তলত দিনকদিনে বৃদ্ধি পাইছে ই-ৰিক্সা...