সৰুসজাইত ৩০০ বিচনাযুক্ত ক’ভিড চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 3

গুৱাহাটী, ১০ জুন, NKTV: নতুন ৰাজ্য চৰকাৰখনৰ প্রথম মাহপূর্তিৰ লগত সংগতি ৰাখি অসমৰ ক’ভিড-১৯ ব্যৱস্থাপনাক এক নতুন মাত্রা প্রদান কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইত নতুনকৈ নিৰ্মাণ কৰা এখন ৩০০খন বিচনাযুক্ত ক’ভিড কেয়াৰ হস্পিটেল জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰে। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ সহযােগত ২১.৪৬ কোটি টকাৰ প্রকল্প ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা নতুন চিকিৎসালয়খনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰিবৰ্ধিত সেৱাৰ অংশ হিচাপে কাম কৰিব। উল্লেখ্য যে, প্রকল্পটো ৰূপায়ণৰ বাবে অইল ইণ্ডিয়া লিমিটেড আৰু আইচিআইচিআই বেংকেও ক্রমান্বয়ে ২ কোটি আৰু ১.৫ কোটি টকাৰ আর্থিক অনুদান আগবঢ়াইছিল। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কালাপাহাৰ কভিড কেয়াৰ হস্পিটেলত ২০ খন বিচনাযুক্ত আইচিইউ আৰু ৩২ খন অক্সিজেনৰ সুবিধাযুক্ত বিচনাও উদ্বোধন কৰে। এই সা-সুবিধাসমূহে জিএমচিএইচৰ পৰিবর্ধিত সেৱাৰ এক অংশ হিচাপে পৰিগণিত হ’ব। এই উপলক্ষে আয়ােজিত এক অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী শর্মাই নতুন ক’ভিড কেয়াৰ হস্পিটেলৰ উদ্বোধনক কভিড-১৯ ৰ বিৰুদ্ধে যুঁজত এক নির্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। মাথোঁ ২০ দিনৰ ভিতৰতে চিকিৎসালয়খন নির্মাণ কৰি উলিওৱাৰ লগতে এই গুৰুত্বপূর্ণ প্রকল্পটোৰ উদাৰ অংশীদাৰ হােৱাৰ বাবে তেওঁ ডিআৰডিঅ’ক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এই পদক্ষেপক কেন্দ্ৰ ৰাজ্যিক সহযােগিতা তথা অসম চৰকাৰ আৰু ৰাজ্যবাসীৰ সামূহিক উদ্যমৰ এক উত্তম উদাহৰণ হিচাপে উল্লেখ কৰে। অস্থায়ীভাবে নির্মিত চিকিৎসালয়খনৰ ম্যাদ পাঁচ বছৰ হ’লেও সামান্য আন্তঃগাঁথনি সবলীকৰণৰ জড়িয়তে পৰৱর্তী পর্যায়তাে চিকিৎসালয়খন কার্যক্ষম কৰি ৰাখিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে চিকিৎসালয়খনত ১০০ খুন আইচিইউ বিচনা উপলব্ধ থকাৰ লগতে আন ২০০ খন বিচনাতাে অক্সিজেনৰ সুবিধা উপলব্ধ কৰিব পৰা যাব। তদুপৰি , ৰােগীসকলক অবিৰতভাৱে অক্সিজেন যােগান ধৰাৰ বাবে এক তৰলীকৃত অক্সিজেন টেংকো স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। মুখ্যমন্ত্রী শর্মাই লগতে কয় যে, এতিয়াৰ পৰা মহেন্দ্র মােহন চৌধুৰী চিকিৎসালয় (এমএমচিএইচ) আৰু শিঙিমাৰী চিকিৎসালয়ত ক’ভিড ৰােগীৰ চিকিৎসা ক্রমান্বয়ে হ্রাস কৰা হ’ব আৰু ৰােগীসকলক জিএমচিএইচ আৰু সৰুসজাইৰ ক’ভিড কেয়াৰ হস্পিটেলত চিকিৎসা প্রদান কৰা হ’ব। চৰকাৰ গঠনৰ সময়ৰ পৰা ক’ভিড -১৯ ৰ সৈতে যুঁজিবলৈ স্বাস্থ্যসেৱা আন্তঃগাঁথনি আৰু অধিক সম্প্রসাৰিত কৰাৰ পৰিকল্পনা চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যােৱা ৩০ দিনত চিকিৎসা প্রতিষ্ঠানসমূহত ভেন্টিলেচনৰ সুবিধাযুক্ত বিচনাসহ ৪৬৫ খন আইচিইউ বিচনা আৰু ২৬৮৪ খন অক্সিজেনৰ সুবিধাযুক্ত বিচনা সংযােজিত কৰা হৈছে। অহা দহ দিনৰ ভিতৰত জিএমচিএইচত ২০০ খন আইচিইড বিচনা কার্যক্ষম কৰি তােলা হ’ব বুলি জানিবলৈ দি তেওঁ কয় যে চৰকাৰে প্ৰতিখন জিলা চিকিৎসালয়ত কমেও ১৫ খন আইটিইউ বিচনা স্থাপনৰ বাবে কাম কৰি আছে। প্রতি বছৰে ৰাজ্যখনৰ বৃহৎসংখ্যক লােকক প্রভাবিত কৰা বানপানী আৰু খহনীয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্রান্তত অস্থায়ী আৱাসৰ সুবিধা স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে ডিআৰডিঅ’ক আহ্বান জনায়, যাতে বানপীড়িত লােকসকলে তাত আশ্রয় ল’ব পাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ১৮ বছৰৰ ওপৰৰ সকলাে শ্ৰেণীৰ লােকক সামৰি টীকাকৰণৰ কাম ক্ষীপ্রতৰ কৰি তােলা হৈছে। তদুপৰি অহা ২১ জুনৰ পৰা অসমেও কেন্দ্রীয় চৰকাৰৰ পৰা বিনামূলীয়া ভেকছিন পাবলৈ আৰম্ভ কৰিব, যি ৰাজ্য চৰকাৰৰ বাবে এক ডাঙৰ সকাহৰূপে বিবেচিত হ’ব। তেওঁ লগতে জনায় যে জটিল চিকিৎসাৰ প্ৰয়ােজন হােৱা শিশুসকলৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ১০০০টা শিশু উপযােগী আই চি ইউ (পেডিয়াট্রিক ইনটেনচিভ কেয়াৰ ইউনিট) স্থাপন কৰা হ’ব। মহামাৰীৰ তৃতীয় ঢৌৰ বিষয়ে মানুহৰ মাজত আতংকৰ কোনাে প্রয়ােজন নাই বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যখনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকলৰ লগতে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.