সুশান্ত সিং ৰাজপুতৰ Biopic সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

গুৱাহাটী, ১০ জুন, NKTV:মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে বলীউডৰ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ আবেদন খাৰিজ কৰিছে। অভিনেতাজনৰ পিতৃয়ে সুশান্তৰ জীৱনকলৈ নিৰ্মাণ কৰা চিনেমাৰ মুক্তিত বাধা আৰোপ কৰিবলৈ জনোৱা দাবীক নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। সুশান্তৰ পিতৃ কে কে সিঙে দিল্লী উচ্চ ন্যায়ালয়ত সুশান্তৰ জীৱনকলৈ নিৰ্মাণ কৰা যিকোনো ছবি নিৰ্মাণত বাধা আৰোপ কৰাৰ বাবে আবেদন দাখিল কৰিছিল। NYAY-The Justice, Shasank, Suicide or Murder-A Story Was Lost-এই কেইখন ছবিৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে আবেদন দাখিল কৰিছিল। কে কে সিঙৰ মতে এই ছবি কেইখনে প্ৰয়াত অভিনেতাজনৰ কাহিনী বাখ্যা কৰিছে। তেওঁৰ মতে এনেধৰণৰ ছবি নিৰ্মাণে সুশান্তৰ মৃত্যু সন্দৰ্ভত চলোৱা জেৰাত অসুবিধাৰ সৃষ্টি কৰি পাৰে। কিন্তু এই ঘটনা সন্দৰ্ভত ANIয়ে টুইট কৰিছে শেহতীয়া খবৰ। দিল্লী উচ্চ ন্যায়ালয়ে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ আবেদন খাৰিজ কৰাৰ কথা টুইট যোগে প্ৰকাশ কৰিছে ANIয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...