১২ দিনত গুজৰাটত ১.২৯ কোটি টকাৰ ব্যৱসায় কৰিলে উত্তৰ-পূৱৰ হস্তশিল্পীয়ে

মাধৱপুৰ মেলাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰম্পৰাগত সামগ্ৰীৰ ব্যাপক সমাদৰ

পাহাৰী ফুল, পৰম্পৰাগত পোছাক, গহনা, বাঁহৰ সামগ্ৰীৰ বিশাল বজাৰ

গুজৰাটৰ মাধৱপুৰত অনুষ্ঠিত পাঁচদিনীয়া ৰাষ্ট্ৰীয় মেলাৰ হস্কলা হাটত অন্যতম আকৰ্ষণ হৈ পৰিছে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰম্পৰাগত সামগ্ৰী সমূহ। পাহাৰীয়া ফুল, পৰম্পৰাগত পোছাক, গহনা, বাঁহৰ গাঁথনিযুক্ত হাটবোৰে কৰিছে লাখ লাখ টকাৰ ব্যৱসায়। মেলাখন চাবলৈ অহা স্থানীয় লোকসকলক অতি আগ্ৰহেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰী ক্ৰয় কৰা দেখা গৈছিল। অসমৰ পৰা হস্ততাঁত শাৰী আৰু চাদৰ বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ী সকলে কয় যে, গুজৰাট চৰকাৰে এটা অতি সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰিছে। আহমেদাবাদ, ৰাজকোটৰ পিছত এতিয়া মাধৱপুৰত বিনামূলীয়া ষ্টল, খাদ্য আৰু বাসস্থানৰ সুবিধাও প্ৰদান কৰিছে।

“আমি চাদৰ, মেখেলা আদি বিক্ৰী কৰোঁ। য’ত অসমৰ সংস্কৃতি সমূহ অংকিত পৰম্পৰাগত সামগ্ৰী সমূহো আছে। মুগা, ৰেচম শাৰী, চাহ বাগিচাত কাম কৰা মহিলা, অসমৰ জনপ্ৰিয় বিহু উৎসৱৰ সময়ত পিন্ধা পোছাকো বিক্ৰী কৰা হৈছে। মণিপুৰৰ পৰা পৰম্পৰাগত পোছাক, বিভিন্ন উৎসৱত পিন্ধা সাংস্কৃতিক পোছাক, পাহাৰী টুপী, গহনা বিক্ৰী কৰিবলৈ মেলালৈ অহা ডলীয়ে কয় যে, গুজৰাটৰ আতিথ্য অতি সুন্দৰ। আমি মণিপুৰৰ আঞ্চলিক জনপ্ৰিয় হস্তশিল্পৰ গাঁথনি বিক্ৰী কৰিবলৈ আহিছোঁ। আমি এই মাধ্যমৰ জৰিয়তে আমাৰ সামগ্ৰীৰ বাবে এখন ভাল বজাৰ পাইছো। গুজৰাটৰ পোৰবন্দৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰৈত অৱস্থিত মাধৱপুৰত ৰাম নৱমীৰ উপলক্ষে প্ৰতি বছৰে পাঁচদিনীয়া ৰাষ্ট্ৰীয় মেলা অনুষ্ঠিত হয়। মাধৱপুৰ ঘেদ নামেৰে জনাজাত এই মেলাখনত সমগ্ৰ গুজৰাট আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ শিল্পীসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, ১৮ মাৰ্চৰ পৰা ৩০ মাৰ্চৰ ভিতৰত ভদোদৰা, আহমেদাবাদ আৰু ৰাজকোটত আয়োজিত বিভিন্ন হস্তশিল্প মেলাত ১.২৯ কোটি টকাৰ হস্তশিল্পৰ সামগ্ৰী বিক্ৰী হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...