দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত নাম নাই অসমৰঃ মন্ত্ৰী পীযুষ হাজৰীকা

ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যৰহেঃ মন্ত্ৰী পীযুষ হাজৰীকা

দেশত ঋণ লোৱা শীৰ্ষ ১০ খন ৰাজ্যৰ ভিতৰত অসমৰ নাম নাই। ঋণ লোৱাৰ শীৰ্ষত আছে অখিল গগৈয়ে আদৰ্শ হিচাপে মনা ৰাজ্যবোৰহে। দেশত ঋণ লোৱাৰ শীৰ্ষত আছে কেৰেলা ৰাজ্য। আজি বিধানসভাৰ চৌহদত অসমে ঋণ লোৱা প্ৰসংগত সোচ্ছাৰ হোৱা বিধায়ক অখিল গগৈক এনেদৰে প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। বিধায়ক অখিল গগৈক উভতি ধৰি মন্ত্ৰী হাজৰীকাই কয় যে, দেশত ঋণ লোৱাৰ শীৰ্ষ আছে কেৰেলা, পঞ্জাৱ, পশ্চিম বংগৰ দৰে ৰাজ্য। ঋণ লোৱাৰ তালিকাত অসম বহুত পিছুৱাই আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ সাংবাদিকৰ আগত কয় যে, ৰাজ্য চৰকাৰে এফআৰবিএম এক্ট আৰু আৰবিআই গাইডলাইন মতেহে ঋণ লৈ আছে। নিয়ম মতে অসম চৰকাৰে যিমান ঋণ ল’ব পাৰে প্ৰত্যেক বছৰে আজিলৈকে সিমান পৰিমাণৰ ঋণ লোৱাই নাই। এনেবোৰ নিয়মৰ কথা বিধায়ক অখিল গগৈয়ে জানিও নজনাৰ ভাও ধৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। এফালে চৰকাৰে ঋণ লোৱা কাৰ্যৰ প্ৰতিবাদ, আনফালে ঋণৰ টকাৰে অখিল গগৈয়ে নিজা সমষ্টিত উন্নয়নমূলক কাম হোৱাটোও বিচাৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। আন বিধায়কসকলতকৈ বেছি টকাহে বিচাৰে বিধায়ক অখিল গগৈয়ে। ঋণৰ টকাৰে সমষ্টিৰ কাম কৰিবলৈ কোৱা অখিল গগৈয়ে ঋণ নল’বলৈ কোৱা কথাৰ ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী হাজৰীকাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি পদ্মশ্ৰী বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী

২০২৪ চনৰ ১৩ মে’। কোনেও, কেতিয়াও কল্পনা নকৰা এক...

স্মিথচোনিয়ান মিউজিয়ামত প্ৰদৰ্শিত হ’ল ভাৰতীয় ‘ৰকেট উইমেন’ নন্দিনী হৰিনাথৰ শাৰী

আমেৰিকাৰ বিখ্যাত স্মিথচোনিয়ান নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়ামত এখন...

কিয় প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে?

দেশৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰক সুৰক্ষিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিব?

১২ মে’ত দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব...