ট্ৰাম্পৰ অদ্ভুত প্ৰস্তাৱ গুগললৈ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰখাৰ পৰিকল্পনা

মানচিত্ৰত নিজৰ নাম জিলিকোৱাৰ পৰিকল্পনা! আটলাণ্টিক মহাসাগৰৰ নাম সলনি কৰি ‘ট্ৰাম্প অ’চেন’ ৰাখিব বিচাৰিছিল নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে? কিন্তু এই প্ৰস্তাৱত গুগলৰ CEO সুন্দৰ পিচাইৰ পৰা পালে পোনপটীয়া প্ৰত্যাখ্যান!

ট্ৰাম্পৰ দাবী অনুসৰি, গুগল মেপছত আটলাণ্টিক অথবা প্ৰশান্ত মহাসাগৰৰ নাম সলনি কৰি নিজৰ নামেৰে নামকৰণ কৰাৰ প্ৰস্তাৱ দিছিল তেওঁ। কিন্তু গুগলৰ ফালৰ পৰা এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা নহ’ল।

এই সন্দৰ্ভত নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয়, তেওঁ গুগল মেপছৰ সৈতে যোগাযোগ কৰি আটলাণ্টিক মহাসাগৰৰ নাম ‘ট্ৰাম্প অ’চেন’ কৰিবলৈ কৈছিল। কিন্তু গুগলৰ CEO সুন্দৰ পিচাইৰ উত্তৰ আছিল, ‘নাই, নাই, নাই! অনুগ্ৰহ কৰি আমাক এনে কৰিবলৈ নক’ব।’

ট্ৰাম্পৰ ভাষ্য অনুসৰি, গুগলৰ প্ৰতিনিধিসকলে বুজাই দিছিল যে মহাসাগৰৰ নাম সলনি কৰাটো আন ভৌগোলিক স্থানৰ নাম সলনি কৰাৰ দৰে সহজ নহয়। কিয়নো মহাসাগৰসমূহ একাধিক দেশৰ জলসীমাৰ সৈতে জড়িত। সেয়েহে কেৱল আমেৰিকাৰ সিদ্ধান্তৰ ভিত্তিত সমগ্ৰ বিশ্বতে এটা মহাসাগৰৰ নাম সলনি কৰাটো সম্ভৱ নহয়।

জৰ্জিয়াৰ ডাল্টনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত এই কথা উল্লেখ কৰা বুলি জানিব পৰা গৈছে। ট্ৰাম্পে লগতে দাবী কৰে যে, প্ৰস্তাৱিত নাম ‘ট্ৰাম্প অ’চেন’ৰ এখন ছবিও তেওঁ গুগললৈ প্ৰেৰণ কৰিছিল। কিন্তু গুগলৰ ফালৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী কৰা নহ’ল।

অৱশ্যে, পিছলৈ ট্ৰাম্পে কয় যে তেওঁ কথাটো ধেমালিতে কৈছিল। তথাপি তেওঁৰ এই মন্তব্যই পুনৰ এবাৰ চৰ্চালৈ আনিছে ভৌগোলিক স্থানৰ নামকৰণক লৈ চলি থকা বিতৰ্ক।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ট্ৰাম্প প্ৰশাসনে মেক্সিকো উপসাগৰৰ নাম ‘গাল্ফ অৱ আমেৰিকা’ হিচাপে ব্যৱহাৰৰ পদক্ষেপ গ্ৰহণ কৰিছিল। আমেৰিকাৰ ব্যৱহাৰকাৰীৰ বাবে গুগল মেপছতো এই নাম গ্ৰহণ কৰা হৈছিল। অৱশ্যে, বিভিন্ন দেশত মানচিত্ৰৰ নামকৰণৰ পদ্ধতি বেলেগ হ’ব পাৰে।

কিন্তু আটলাণ্টিক বা প্ৰশান্ত মহাসাগৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় জলভাগৰ নাম সলনি কৰাটো অধিক জটিল। আমেৰিকাই কোনো নতুন নাম গ্ৰহণ কৰিলেও সেয়া স্বয়ংক্ৰিয়ভাৱে সমগ্ৰ বিশ্বৰ স্বীকৃত নাম হৈ নপৰে।

নিজৰ নামেৰে মহাসাগৰৰ নামকৰণৰ প্ৰস্তাৱত গুগলৰ পৰা সন্মতি নাপালেও ট্ৰাম্পৰ এই মন্তব্যই এতিয়া সৃষ্টি কৰিছে যথেষ্ট কৌতূহল। এতিয়া প্ৰশ্ন এটাই— মানচিত্ৰতো নিজৰ নাম বিচাৰিছিল নেকি ট্ৰাম্পে, নে সেয়া আছিল কেৱল এক ৰসিকতা?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...

পুৰণি শত্ৰুতাৰ ভয়ংকৰ পৰিণতি; যুৱকক গাড়ীৰ খিৰিকীত হাত আবদ্ধ কৰি চলালে গাড়ী, কানপুৰত যুৱকৰ কৰুণ মৃত্যু

উত্তৰ প্ৰদেশৰ কানপুৰৰ হনুমন্ত বিহাৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত...