ধুবুৰীত মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা শিৱিৰ

দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনে গোৱালপাৰা জিলাৰ পৰা মানসিক স্বাস্থ্যৰ ওপৰত কেন্দ্ৰ কৰি আৰম্ভ কৰা সজাগতা শিৱিৰটি আজি ধুবুৰীৰ ৪ টাকৈ স্থানত ক্ৰমে ধুবুৰী নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,ধৰমশালা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু ১০নং বণিয়ামাৰী ১অংগনবাদী কেন্দ্ৰ, চাহেবগঞ্জত অনুষ্ঠিত কৰে।

উক্ত সজাগতা শিৱিৰ কেইটাত উপস্থিত আছিল অসমৰ প্ৰশাসনিক বিষয়া নিৰ্মাণ নাথ, মনোবিজ্ঞানী খণ্ডাকৰ ৱাছিম (BPM), দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ মেনেজিঙ ট্ৰাষ্টী ড° অংকিতা দত্ত, ডাঃ সৰ্ফাৰাজ, ডাঃ মুষ্কুৰা আহমেদ (SDMAHO), জেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ইউনুচ আলী আহমেদ,গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ শানীৰ বৈদ্য, মনোবিজ্ঞানী আজিজুৰ ৰহমান,ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ DPM আৰিফ আহমেদ, নজৰুল ইছলাম (DUHC), সমাজ সেৱক আমিনুৰ ৰহমান আৰু ষ্টাফ নাৰ্চ তথা কাউন্সেলৰ ফাতেমা খাতুন।

ধুবুৰীবাসীৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা মানসিক স্বাস্থ্যৰ উপৰত প্ৰাধান্য দি আয়োজন কৰা এই শিৱিৰ অহা কাইলৈ ধুবুৰীৰ প্ৰগতি কলেজ, আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১২নং দাসপাৰা অংগণবাদী কেন্দ্ৰ, জি.ভি.চি নাবালিকা আত্মসহায়ক গোট আগমনীত অনুষ্ঠিত কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...