ধুবুৰীত মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা শিৱিৰ

দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনে গোৱালপাৰা জিলাৰ পৰা মানসিক স্বাস্থ্যৰ ওপৰত কেন্দ্ৰ কৰি আৰম্ভ কৰা সজাগতা শিৱিৰটি আজি ধুবুৰীৰ ৪ টাকৈ স্থানত ক্ৰমে ধুবুৰী নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,ধৰমশালা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু ১০নং বণিয়ামাৰী ১অংগনবাদী কেন্দ্ৰ, চাহেবগঞ্জত অনুষ্ঠিত কৰে।

উক্ত সজাগতা শিৱিৰ কেইটাত উপস্থিত আছিল অসমৰ প্ৰশাসনিক বিষয়া নিৰ্মাণ নাথ, মনোবিজ্ঞানী খণ্ডাকৰ ৱাছিম (BPM), দ্য অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ মেনেজিঙ ট্ৰাষ্টী ড° অংকিতা দত্ত, ডাঃ সৰ্ফাৰাজ, ডাঃ মুষ্কুৰা আহমেদ (SDMAHO), জেষ্ঠ স্বাস্থ্য বিষয়া ডাঃ ইউনুচ আলী আহমেদ,গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ শানীৰ বৈদ্য, মনোবিজ্ঞানী আজিজুৰ ৰহমান,ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ DPM আৰিফ আহমেদ, নজৰুল ইছলাম (DUHC), সমাজ সেৱক আমিনুৰ ৰহমান আৰু ষ্টাফ নাৰ্চ তথা কাউন্সেলৰ ফাতেমা খাতুন।

ধুবুৰীবাসীৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা মানসিক স্বাস্থ্যৰ উপৰত প্ৰাধান্য দি আয়োজন কৰা এই শিৱিৰ অহা কাইলৈ ধুবুৰীৰ প্ৰগতি কলেজ, আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১২নং দাসপাৰা অংগণবাদী কেন্দ্ৰ, জি.ভি.চি নাবালিকা আত্মসহায়ক গোট আগমনীত অনুষ্ঠিত কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...