স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছা”ৰ উদ্যোগত ঋতুস্ৰাৱজনিত সচেতনতা অভিযান

মংগলবাৰে দিশপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্জীয়নভূক্ত স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছা”ৰ উদ্যোগত ঋতুস্ৰাৱজনিত সচেতনতা অভিযানৰ অন্তৰ্গত এটি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ছাত্ৰীসকলৰ লগত “সদিচ্ছা”ৰ সদস্যসকলে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া যত্ন , সাৱধানতা সন্দৰ্ভত মত বিনিময় কৰে ।

প্ৰায় ৩০০ গৰাকী ছাত্ৰী আৰু বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ মহিলা কৰ্মচাৰীৰ মাজত “সদিচ্ছা পেড বেংক”ৰ পৰা বিনামূলীয়াকৈ ছেনিটেৰী পেড বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে সদিচ্ছাৰ এই অভিযানে গুৱাহাটীৰ বিভিন্ন চৰকাৰী বিদ্যালয় , মহাবিদ্যালয় , পদপথ আৰু দৈনিক বজাৰসমূহৰ বিক্ৰেতা, হৰিজন কলনীৰ বাসিন্দা, চৰকাৰী চিকিসালয়ৰ ৰোগী আৰু অভিভাৱকসকলকো সাঙুৰি লৈছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...