নাগপুৰ টেষ্টত জয়ৰ কাষ চাপিছে টীম ইণ্ডিয়া

নাগপুৰ টেষ্টত ফ্ৰণটফুতত টিম ইণ্ডিয়া। তৃতীয় দিনৰ লাঞ্চ ব্ৰেকৰ অন্তত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২২৩ ৰানৰ অগ্ৰগতি ভাৰতীয় দলৰ।

মেচখনত প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াৰ ১৭৭ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত ৪০০ ৰাণ সংগ্ৰহ কৰে। অধিনায়ক ৰোহিত শৰ্মাই ভাৰতৰ বাবে ১২০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

আনহাতে, অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জদেজাৰ ৭০ আৰু অক্ষৰ পেটেলৰ ৮৪ ৰানৰ সহায়ত ২২৩ ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলে।

ইপিনে, অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেটত নিজৰ প্ৰথমখন মেচ খেলা টড মাৰ্ফিয়ে ৭ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...