দ্বিতীয় বৰভাগ ক্লাব গ’লফত গুৱাহাটী ৰে’লৱে গ্ৰীণ ক্লাব চেম্পিয়ন

তেজপুৰৰ জিটিএ গ’লফ কোৰ্চত ৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় বৰভাগ কাপ, ইণ্টাৰ ক্লাব গ’লফ টুৰ্ণামেণ্টত এছএন চৌধুৰী, সঞ্জয় চৌধুৰী, সঞ্জীৱ জৈছৱাল, গৌতম বৰকটকীৰ দল গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হয়।

ৰানাৰ্ছ আপৰ হবলৈ সক্ষম হয় জাকিৰ হুছেইন, ৰাঘব শুক্লা, আনছু শুক্লা, চন্দন শইকীয়া আৰু অজয় শুক্লাৰ দল মিছা প’ল’ ক্লাব। মহিলাৰ শাখাত খনশ্ৰী ব্ৰহ্ম চূড়ান্ত বিজয়ী আৰু ও’মা তিৱাৰী টাৰীয়ানে ৰানাৰ্ছ আপৰ বঁটা লাভ কৰে।

বেষ্ট গ্ৰছ (০-৩০)ত বিজয়ী হয় জাকিৰ হুছেইন আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল আৰ.এছ. ভাণ্ডাৰী। বেষ্ট নেট (০-৩)ত বিজয়ী হয় জ’হানন ৰামংগ আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এছ.কে.টেৰী।

ষ্টেবল ফৰ্ড (০-৯)ত বিজয়ী হয় সঞ্জীৱ জৈছৱাল আৰু ৰানাৰ্ছ আপ হয় ভাকু কুমাৰ। ষ্টেবল ফৰ্ড (১০-১৭)ত বিজয়ী হয় লেফটানেন্ট কৰ্ণেল কুলদ্বীপ গেহলট আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এন.এপি. এছ ৰাঘব, ষ্টেবল ফৰ্ড (১৮-২৪)ত বিজয়ী হয় কৰ্ণেল এম.চাগীৰ আলি আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল অমৰ নাথ। প্ৰ’ গ্ৰছত বিজয়ী হয় মনোজ ভূমিজ আৰু ৰানাৰ্ছ আপ হয় দেবেন ভূমিজ।

স্কিল শাখাত ক্লজেষ্ট টু পিনৰ বঁটা লাভ কৰে সঞ্জীৱ জৈছৱালে, ষ্ট্ৰেইট ড্ৰাইভত বঁটা লাভ কৰাৰ অমিত শুক্লবৈদ্য আৰু কৰ্ণেল আৰ.এছ ভণ্ডাৰি।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ (আইএএছ)বৰভাগ ফাউণ্ডেচনৰ উত্তৰ পূৰ্বাঞ্চলত গ’লফৰ প্ৰচাৰৰ বাবে এই পদক্ষেপক প্ৰশংসা কৰে।

বৰভাগ ফাউণ্ডেচন আয়োজন কৰা বৰভাগ কাপৰ উদেশ্য হল উত্তৰ পূৰ্বাঞ্চলত গ’লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰা কিয়নো এতিয়া গ’লফ বৰ্তমান অলিম্পিকৰ অংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...