দ্বিতীয় বৰভাগ ক্লাব গ’লফত গুৱাহাটী ৰে’লৱে গ্ৰীণ ক্লাব চেম্পিয়ন

তেজপুৰৰ জিটিএ গ’লফ কোৰ্চত ৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা দ্বিতীয় বৰভাগ কাপ, ইণ্টাৰ ক্লাব গ’লফ টুৰ্ণামেণ্টত এছএন চৌধুৰী, সঞ্জয় চৌধুৰী, সঞ্জীৱ জৈছৱাল, গৌতম বৰকটকীৰ দল গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হয়।

ৰানাৰ্ছ আপৰ হবলৈ সক্ষম হয় জাকিৰ হুছেইন, ৰাঘব শুক্লা, আনছু শুক্লা, চন্দন শইকীয়া আৰু অজয় শুক্লাৰ দল মিছা প’ল’ ক্লাব। মহিলাৰ শাখাত খনশ্ৰী ব্ৰহ্ম চূড়ান্ত বিজয়ী আৰু ও’মা তিৱাৰী টাৰীয়ানে ৰানাৰ্ছ আপৰ বঁটা লাভ কৰে।

বেষ্ট গ্ৰছ (০-৩০)ত বিজয়ী হয় জাকিৰ হুছেইন আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল আৰ.এছ. ভাণ্ডাৰী। বেষ্ট নেট (০-৩)ত বিজয়ী হয় জ’হানন ৰামংগ আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এছ.কে.টেৰী।

ষ্টেবল ফৰ্ড (০-৯)ত বিজয়ী হয় সঞ্জীৱ জৈছৱাল আৰু ৰানাৰ্ছ আপ হয় ভাকু কুমাৰ। ষ্টেবল ফৰ্ড (১০-১৭)ত বিজয়ী হয় লেফটানেন্ট কৰ্ণেল কুলদ্বীপ গেহলট আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এন.এপি. এছ ৰাঘব, ষ্টেবল ফৰ্ড (১৮-২৪)ত বিজয়ী হয় কৰ্ণেল এম.চাগীৰ আলি আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল অমৰ নাথ। প্ৰ’ গ্ৰছত বিজয়ী হয় মনোজ ভূমিজ আৰু ৰানাৰ্ছ আপ হয় দেবেন ভূমিজ।

স্কিল শাখাত ক্লজেষ্ট টু পিনৰ বঁটা লাভ কৰে সঞ্জীৱ জৈছৱালে, ষ্ট্ৰেইট ড্ৰাইভত বঁটা লাভ কৰাৰ অমিত শুক্লবৈদ্য আৰু কৰ্ণেল আৰ.এছ ভণ্ডাৰি।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ (আইএএছ)বৰভাগ ফাউণ্ডেচনৰ উত্তৰ পূৰ্বাঞ্চলত গ’লফৰ প্ৰচাৰৰ বাবে এই পদক্ষেপক প্ৰশংসা কৰে।

বৰভাগ ফাউণ্ডেচন আয়োজন কৰা বৰভাগ কাপৰ উদেশ্য হল উত্তৰ পূৰ্বাঞ্চলত গ’লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰা কিয়নো এতিয়া গ’লফ বৰ্তমান অলিম্পিকৰ অংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...