ABVPৰ ২৮ সংখ্যক ৰাজ্যিক অধিৱেশনৰ কাইলৈ সামৰণি অনুষ্ঠান

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক অধিৱেশনৰ উদ্বোধনী সত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। বিশ্বৰ অন্যতম সৰ্ববৃহৎ ছাত্র সংগঠনৰূপে পৰিচিত পৰিষদৰ এই তিনিদিনীয়া ২৮তম্ ৰাজ্যিক অধিৱেশন অহা ৮ জানুৱাৰীত অন্ত পৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে, তেওঁ আজি যিটো সংগঠনৰ ৰাজ্যিক অধিবেশনত ভাষণ প্ৰদান কৰাৰ সুবিধা পাইছে, সেই সংগঠনৰ এসময়ত তেওঁ নিজেও কাৰ্যকৰ্তা আছিল। এয়া তেওঁৰ বাবে অতিকৈ গৌৰবৰ বিষয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা হিচাপে যি অনুভৱ, যি জ্ঞান তেওঁ লাভ কৰিছিল, যি চিন্তাৰ বীজ সেই সময়ত তেওঁৰ মনত অংকুৰিত হৈছিল, সেই আটাইবোৰে আজিৰ দায়িত্ব পালন কৰাত তেওঁক সৰ্বতোপ্ৰকাৰে সহায় কৰিছে। এই সকলোবোৰৰ বাবে ছাত্ৰ সংগঠনটোৰ প্ৰতি তেওঁ আজীৱন কৃতজ্ঞ হৈ ৰ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। মা কামাখ্যাৰ এই পবিত্ৰ ভূমিত জনসেৱাৰ্থে সমৰ্পিত ছাত্ৰ সংগঠনটোৰ কল্যাণকামী যাত্ৰা গৌৰৱেৰে অব্যাহত থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

বিগত ৭৫ টা বছৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে কৰা উল্লেখযোগ্য কাম-কাজসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে এই কাম-কাজসমূহেৰে সংগঠনটোৱে সমাজ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিজৰ পদচিহ্ন এৰি থৈ গৈছে। উত্তৰ-পূৰ্বাঞ্চলত চলা বিচ্ছিন্নতাবাদী আন্দোলনৰ সময়ত অঞ্চলটোৰ নতুন প্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয়তাবাদী চেতনা জাগ্ৰত কৰাত পৰিষদে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ শক্তিক ৰাষ্ট্ৰ শক্তিলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰেই পৰিষদে আজিও নিজৰ কৰ্তব্যত অকুণ্ঠচিত্তে ব্ৰতী হৈ আছে। মোগল আৰু ব্ৰিটিছ বন্দনাৰে ভৰপূৰ আমাৰ তথাকথিত ইতিহাস গ্লানিৰ ইতিহাস আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এই উদ্দেশ্যপ্ৰণোদিত ইতিহাসে আমাক সদায়েই হতাশাৰ মাজত আচ্ছন্ন কৰি ৰাখিছিল, যি হতাশাৰ পৰা বিগত কেইটামান বছৰতহে আমি মুক্ত হ’বলৈ সক্ষম হৈছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ভাৰতবাসীৰ হেৰোৱা স্বাভিমান পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে বুলিও মন্ত্ৰী সিংহলে কয়।

কালিৰ এই অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ ৰাজশৰণ শ্বাহী, পৰিষদৰ অসম প্ৰদেশৰ সভাপতি ৰবীন কাকতি, সম্পাদক সীমান্ত কুমাৰ বৈশ্য আৰু ২৮তম্‌ অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি ৰুক্ম গোঁহাই বৰুৱাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা সংগঠনটোৰ সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...