বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লালৈ ‘এক্সপ্ল’ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বর্তমান বিশ্বৰ সর্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয়। ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন কৰা ১৯,০২৪ ফুট উচ্চতাৰ উম-লিং-লাহে হৈছে বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা গিৰি সংকট। ভাৰতীয় সেনাই নিৰ্মাণ কৰা এই গিৰি সংকটে ইতিমধ্যে ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে। এই সু-উচ্চ গিৰি সংকটলৈ অভিযান চলাই গুৱাহাটীলৈ ঘূৰি আহিছে দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ ৫ জনীয়া বাইক ৰাইডাৰৰ এটা দল। বাইক ৰাইডাৰ উজ্জ্বল বৰাৰ নেতৃত্বত যোৱা দলটোৱে যোৱা ৯ আগষ্টত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি মুঠ ৩৪ দিনত এই অভিযান সম্পন্ন কৰে। মটৰ চাইকেল আৰোহীৰ দলটোৱে এই যাত্রাপথত উম-লিং লা, খাৰ-ডুং-লাৰ উপৰিও বিশ্বৰ ৬ষ্ঠ সর্বোচ্চ গাড়ী যাব পৰা গিৰি পথ ফটিলা, জজিলা গিৰি সংকট আদিও অতিক্রম কৰে। প্ৰচণ্ড শীত আৰু দুৰ্গম পথৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো দলটোৱে পিছুৱাই নাহি অভিযান সম্পন্ন কৰে।

বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনৰ বেছ কেম্পৰ লগতে ২য় শীতার্ত ঠাই ড্ৰাছ , কার্গিল আদিও অতিক্রম কৰে। বহু ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হোৱা দলটোৱে এই অভিযানকালত ৬ হাজাৰ কিলোমিটাৰৰো অধিক পথ অতিক্রম কৰে। অভিযানত দলটোৱে অতি দুর্গম ঝাস্কাৰ উপত্যকাৰ লগতে লাডাখ-হিমালয়ৰ আন কেইবাটাও আওহতীয়া এলেকা বাইকেৰে পৰিভ্ৰমণ কৰে। উজ্জ্বল বৰাৰ উপৰিও দলটোৰ আন সদস্যসকল আছিল ছিৰাক্স কাহান, অভিলাষ শৰ্মা, উপমন্যু বৰদলৈ আৰু তপন দে ‘। যাত্রাপথত দুৰ্ঘটনাৰ বাবে দলটোৱে কেতবোৰ সমস্যাৰ সন্মুখীন হৈছিল যদিও এই প্ৰত্যাহ্বানসমূহ তেওঁলোকে সফলতাৰে অতিক্রম কৰে। বৃহস্পতিবাৰে এখন সংবাদমেলত এই অভিযান সন্দৰ্ভত দলটোৰ সদস্যসকলৰ উপৰিও দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যকৰী সভাপতি প্রণয় বৰদলৈয়েও জানিবলৈ দিয়ে। সংবাদমেলত এক্সপ্ল’ৰাৰ্ছৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু সাধাৰণ সম্পাদক এভাৰেষ্ট আৰোহী নন্দ দুলাল দাসেও অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...