সাহস আৰু শক্তিৰ যেন অন্য নাম দীনেশ কাৰ্তিক

৯ জুনৰ পৰা অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৰত্বপূৰ্ণ টি ২০ শৃংখলা। ইতিমধ্যে, এই শৃংখলাৰ বাবে দল ঘোষণা কৰিছে BCCIয়ে । এই শৃংখলাৰ বাবে টিম ইণ্ডিয়াত বহুকেইখন নতুন মুখ দেখিবলৈ পোৱা যাব।

দলটোত অন্তৰ্ভূক্ত কৰা হৈছে পাঞ্জাৱৰ অৰ্শদীপ সিং আৰু জম্মু-কাশ্মীৰৰ উমৰাণ মালিকক। কিন্তু নতুন খেলুৱৈ কেইজনৰ উপৰিও দলটোত আৰু এজন খেলুৱৈয়ে স্থান পোৱাক লৈ সৰৱ চৰ্চা চলিছে। ২০০৪ চনৰ পৰা টিম ইণ্ডিয়াৰ হৈ খেলা এইজন ক্ৰিকেটাৰ হৈছে দীনেশ কাৰ্তিক। শেহতীয়াকৈ ২০১৯ চনৰ বিশ্বকাপৰ পিছত ক্ৰিকেট কেৰিয়াৰ সমাপ্তি ঘটা বুলি ধাৰণা কৰা হৈছিল।

কিন্তু সাহস আৰু শক্তিৰ যেন অন্য নাম দীনেশ কাৰ্তিক। দেশৰ ক্ৰিকেট অনুৰাগীয়ে কাৰ্তিকক আৰু ভাৰতীয় দলত দেখা নাপাব বুলি ভাবিছিল। যদিও চলিত IPLত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ কিছু সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পিছত পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ভাৰতৰ দললৈ যোগ্যতা অৰ্জন কৰিছে ৩৬ বছৰীয়া দীনেশ কাৰ্তিকে।

চলিত IPLত এতিয়ালৈকে কাৰ্তিকে ১৪ খন মেচত ৫৭.৪০ গড়ে ২৮৭ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ত কাৰ্তিকৰ ষ্ট্ৰাইক-ৰেট ১৯১.৩৩।

উল্লেখযোগ্য যে, কাৰ্তিকৰ এই দুৰ্দান্ত প্ৰদৰ্শনে RCBক প্লে-অফত স্থান পোৱাত বহুখিনি সহায় কৰিছে। দীনেশ কাৰ্তিকৰ এই প্ৰত্যাৱৰ্তনে অনুপ্ৰাণিত কৰিছে সকলোকে।

বিগত বৰ্ষলৈকে ধাৰাভাষ্যকাৰ হিচাপে ক্ৰিকেটৰ সৈতে জড়িত থকা দীনেশ কাৰ্তিক আকৌ নামিব খেলপথাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...