সাহস আৰু শক্তিৰ যেন অন্য নাম দীনেশ কাৰ্তিক

৯ জুনৰ পৰা অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৰত্বপূৰ্ণ টি ২০ শৃংখলা। ইতিমধ্যে, এই শৃংখলাৰ বাবে দল ঘোষণা কৰিছে BCCIয়ে । এই শৃংখলাৰ বাবে টিম ইণ্ডিয়াত বহুকেইখন নতুন মুখ দেখিবলৈ পোৱা যাব।

দলটোত অন্তৰ্ভূক্ত কৰা হৈছে পাঞ্জাৱৰ অৰ্শদীপ সিং আৰু জম্মু-কাশ্মীৰৰ উমৰাণ মালিকক। কিন্তু নতুন খেলুৱৈ কেইজনৰ উপৰিও দলটোত আৰু এজন খেলুৱৈয়ে স্থান পোৱাক লৈ সৰৱ চৰ্চা চলিছে। ২০০৪ চনৰ পৰা টিম ইণ্ডিয়াৰ হৈ খেলা এইজন ক্ৰিকেটাৰ হৈছে দীনেশ কাৰ্তিক। শেহতীয়াকৈ ২০১৯ চনৰ বিশ্বকাপৰ পিছত ক্ৰিকেট কেৰিয়াৰ সমাপ্তি ঘটা বুলি ধাৰণা কৰা হৈছিল।

কিন্তু সাহস আৰু শক্তিৰ যেন অন্য নাম দীনেশ কাৰ্তিক। দেশৰ ক্ৰিকেট অনুৰাগীয়ে কাৰ্তিকক আৰু ভাৰতীয় দলত দেখা নাপাব বুলি ভাবিছিল। যদিও চলিত IPLত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ কিছু সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পিছত পাঁচখনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে ভাৰতৰ দললৈ যোগ্যতা অৰ্জন কৰিছে ৩৬ বছৰীয়া দীনেশ কাৰ্তিকে।

চলিত IPLত এতিয়ালৈকে কাৰ্তিকে ১৪ খন মেচত ৫৭.৪০ গড়ে ২৮৭ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ত কাৰ্তিকৰ ষ্ট্ৰাইক-ৰেট ১৯১.৩৩।

উল্লেখযোগ্য যে, কাৰ্তিকৰ এই দুৰ্দান্ত প্ৰদৰ্শনে RCBক প্লে-অফত স্থান পোৱাত বহুখিনি সহায় কৰিছে। দীনেশ কাৰ্তিকৰ এই প্ৰত্যাৱৰ্তনে অনুপ্ৰাণিত কৰিছে সকলোকে।

বিগত বৰ্ষলৈকে ধাৰাভাষ্যকাৰ হিচাপে ক্ৰিকেটৰ সৈতে জড়িত থকা দীনেশ কাৰ্তিক আকৌ নামিব খেলপথাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...