আকাশত মেঘৰ মাজে মাজে উৰাৰ সপোন আছে নেকি? আহি আছে কম মূল্যত বিমান যাত্ৰাৰ সুযোগ!

নীলিম আকাশত মেঘৰ মাজে মাজে উৰাৰ সপোন আছে নেকি? মধ্যবিত্তৰ বাবে আশাৰ সঞ্চাৰ কৰি কম মূল্যত বিমান যাত্ৰাৰ সুযোগ আহি আছে। দেশে অচিৰে লাভ কৰিব এক নতুন এয়াৰলাইঞ্চ। মে’ মাহৰ শেষ ভাগত অথবা জুনৰ প্ৰথম সপ্তাহত আকাশত উৰিবলৈ সাজু নতুন বিমান প্ৰতিষ্ঠান আকাছা এয়াৰ।

উদ্যোগপতি ৰাকেশ ঝুনঝুনৱালাই কমখৰচী আকাছা এয়াৰৰ উৰণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আকাছাৰ এয়াৰলাইড কোড হৈছে QP। ইতিমধ্যে সকলোকে হাই সম্বোধনেৰে নিজৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ কৰিছে সংস্থাটোৱে।

২০২৩ চনলৈ ১৮খন বৃহৎ বিমান ক্ৰয় কৰিব আকাছা এয়াৰে। কেৱল দেশৰ ভিতৰতে নহয়, বিদেশলৈও আকাছা এয়াৰৰ বিমান চলাচল কৰিব। নেপাল, শ্ৰীলংকা, বাংলাদেশ, মধ্য, পূব আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহলৈ প্ৰাৰম্ভিক অৱস্থাত যাত্ৰা কৰিব আকাছাৰ বিমান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...