পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ!

পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱতীৰ। বাংগালোৰত মৃত্যু নাৰায়ণপুৰৰ পোৰাবিল গাঁৱৰ মৌচুমী শইকীয়া নামৰ যুৱতীগৰাকীৰ। আজি পুৱা ১০ মান বজাত বাংগালোৰ আৰক্ষীয়ে যুৱতী গৰাকীৰ পিতৃক ফোন কৰি আত্মহত্যা কৰা বুলি খবৰ দিয়ে। নাৰায়ণপুৰৰ পোৰাবিল গাঁৱৰ ৰঞ্জিত শইকীয়াৰ জ্যেষ্ঠ কন্যা আছিল মৌচুমী। বিগত ডেৰ বছৰ ধৰি অলট্ৰাচ নামৰ ব্যক্তিগত খণ্ডৰ এটা কোম্পানীত কৰ্মৰত আছিল যুৱতীগৰাকী। ইফালে পৰিয়ালৰ লোকে যুৱতীগৰাকীৰ মৃত্যুক সহজ ভাবে লব পৰা নাই। আত্মহত্যাৰ পৰিৱৰ্তে ই এক হত্যাকাণ্ডহে বুলিহে অভিহিত কৰিছে পৰিয়ালৰ লোকে। অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মৃতদেহটো ঘৰলৈ আনিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে পিতৃ ৰঞ্জিত শইকীয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...