দুটা বছৰৰ অন্তত এইবাৰ হ’ব অম্বুবাচী মেলা!

ক’ভিড মহামাৰীৰ বাবে অনুষ্ঠিত নোহোৱা দুটা বছৰৰ পিছত এইবাৰ পুনৰ কামাখ্যা মন্দিৰত অম্বুবাচী মেলা পাতিবলৈ চলিব যো-জা। মন্দিৰ কৰ্তৃপক্ষ আৰু কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনৰ মাজত হোৱা বৈঠকৰ পিছত ঘোষণা কৰে এই কথা। জানিবলৈ দিয়ে যে, জুন মাহৰ ২২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই অম্বুবাচী মেলা অন্ত পৰিব ২৬ জুনত।

মন্দিৰ কৰ্তৃপক্ষ আৰু ভক্তসকলে এই বছৰৰ অম্বুবাচী মেলাত ইয়াৰ পূৰ্বৰ উছাহৰ মাজেৰেই অনুষ্ঠিত কৰিব। অম্বুবাচী মেলাৰ ৰীতি-নীতিৰ বাবে মন্দিৰ কতৃপক্ষই ৰাইজক মন্দিৰ দৰ্শন কৰিবৰ বাবে অনুমতি প্ৰদান নকৰিব। আৰু এই নিয়ম ২২ জুনৰ নিশা ৮:১৬ৰ পৰা কাৰ্যকৰী কৰা হ’ব আৰু ২৬ জুনৰ ৰাতিপুৱাৰ লৈকে এই নিয়ম চলি থাকিব। আনহাতে যোৱা বছৰ ক’ভিড মহামাৰীৰ বাবে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা কেৱল বৈদিক ৰাতি নীতিৰে পালন কৰা হৈছিল। যোৱা বছৰৰ অম্বুবাচী মেলাত প্ৰশাসনে মন্দিৰৰ চৌহদত ভক্ত আৰু দৰ্শনাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...