জটিল অস্ত্ৰোপচাৰত ব্যৱহাৰ হ’ব অত্যাধুনিক ৰবট

জটিল অস্ত্ৰোপচাৰত এতিয়া চিকিৎসকৰ হাত দুখনৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব অত্যাধুনিক ৰবট। চিকিৎসকে দূৰৰ পৰা কম্পিউটাৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব ছাৰ্জাৰী। সমগ্ৰ দেশৰ ভিতৰতে প্ৰথমে স্থাপন হোৱা এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন’ভেটিভ ছাৰ্জন্ছৰ প্ৰতিষ্ঠাপক সভাপতি ড০ সুভাষ খান্নাই ভাৰ্চিয়াছ নামৰ বিশেষ ছাৰ্জিকেল ৰবটৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰি সেই ৰবটৰ কাৰ্যকুশলতা প্ৰমাণিত কৰিছে। ভাৰ্চিয়াছ নামৰ ৰবটটো নিৰ্মাণ কৰিছে কেম্ব্ৰিজৰ চি এম আৰ চাৰ্জিকেল নামৰ প্ৰতিষ্ঠানটোৱে।

শুকুৰবাৰে ডুবাইত ৰবটিক ছাৰ্জাৰী আৰু এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন’ভেটিভ ছাৰ্জন্ছৰ পৰিকল্পনা সন্দৰ্ভত ভাৰ্চিয়াছৰ নিৰ্মাতা প্ৰতিষ্ঠানৰ সৈতে আলোচনাত মিলিত হয় ড০ খান্না। উল্লেখযোগ্য যে, ২০২৪ চনত বিশ্বক এণ্ড’স্কপিক ছাৰ্জাৰী সন্মিলন ভাৰতত অনুষ্ঠিত হ’ব। ইয়াৰ প্ৰাকমুহূৰ্তত এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইন’ভেটিভ ছাৰ্জন্ছৰ সভাপতি ড০ খান্নাই ৰবটিক ছাৰ্জাৰীৰ অভিজ্ঞতাসমূহ বিনিময় কৰে। উল্লেখযোগ্য যে, ড০ খান্না গুৱাহাটীৰ স্বাগত ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ চীফ কনছাল্টেণ্ট আৰু ৰবটিক ছাৰ্জাৰীৰ ক্ষেত্ৰত অন্যতম অগ্ৰণী বিশেষজ্ঞ চিকিৎসক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...