বক্স অফিচত লোকেল উৎপাতৰ খলকনি

অসমীয়া চিনেমালৈ আহিছে ভাল দিন। ছবি গৃহলৈ আহিছে দৰ্শক। শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চিনেমা LOCAL UTPAT য়ে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছে । চিনেমাপ্ৰেমীৰ যথেষ্ট ভিৰ ছবিগৃহত। ছবিখন চোৱাৰ দুৰ্বাৰ হেপাহ দৰ্শকৰ । মুক্তিৰ দিনৰ পৰাই হাউচফুল ছবি গৃহ। কাঞ্চনজংঘা, ৰত্নাকৰ, মিচন চাইনাৰ পিছত ৰাজ্যত খলকনিৰ সৃষ্টি কৰিছে LOCAL UTPAT য়ে। এই ছবিখনত ব্যৱহাৰ কৰা সংলাপসমূহে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া প্ৰতিজন দৰ্শকৰ মূখতে LOCAL UTPATৰ কথা। কেনি বসুমতাৰীয়ে প্ৰযোজনা কৰা এই ছবিখনত অভিনয় কৰিছে তনি দেউৰী, শৰ্মিষ্টা চক্ৰবৰ্তী, বনী দেউৰী, জনী দেউৰী, মন্তু দেউৰী আৰু বহু ন ন শিল্পীয়ে। LOCAL UTPAT ছবিখন এখন কমেডি ছবি। কাল্পনিক ঘটনাৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা এই ছবিখনে মুক্তিৰ পিছতে প্ৰথম সপ্তাহতে ৪০ লাখ টকা উপাৰ্জন কৰিব সক্ষম হৈছে। ইয়াৰপূৰ্বে LOCAL KANGFU, LOCAL KANGFU 2, INSPECTOR BORO আদি ছবি নিৰ্মাণ কৰিছিল কেনি বসুমতাৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...