ভাৰতৰ সিদ্ধান্ত: বাংলাদেশত আতংক

0 52

🖊️অচিন্ত্য শৰ্মা

পূৰ্বোত্তৰক বাদ দি ভাৰতত এইবাৰ অভিলেখ ৰচিছে গৰমে। মাৰ্চ মাহৰ পৰা এই পৰ্যন্ত উষ্ণতা আৰু গ্ৰীষ্মপ্ৰবাহে লৈছে অভূতপূৰ্ব ৰূপ। গৰমৰ গভীৰ নেতিবাচক প্ৰভাব পৰিছে দেশৰ কৃষিখণ্ডত। উদ্বেগজনকভাবে হ্ৰাস পাইছে ঘেঁহুৰ উত্পাদন। আৰু এনে পৰিস্থিতিতে মোদী চৰকাৰে যোৱা ১৩ মে’ত বন্ধ কৰি দিছে ঘেঁহুৰ বহিৰ্গমন। তৎকালে বলবৎ হোৱাকৈ পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ঘেঁহুৰ ৰপ্তানীৰ ওপৰত। দিল্লীৰ স্পষ্ট ঘোষণা আভ্যন্তৰীণ খাদ্য সুৰক্ষাই পাব অগ্ৰাধিকাৰ দেশৰ মানুহক ভোকত ৰাখি খুৱাব নোৱাৰি বিদেশৰ মানুহক ভাৰতৰ এনে কঠোৰ সিদ্ধান্তই ইতিমধ্যে পৃথিৱীৰ বহু দেশকে অস্বতি আৰু অসুবিধাত পেলাইছে। কিয়নো, এই দেশসমূহ ভাৰতীয় ঘেঁহুৰ ওপৰত নিৰ্ভৰশীল আৰু দেশসমূহে প্ৰতিবছৰে ভাৰতৰপৰা বৃহৎ পৰিমাণৰ ঘেঁহু আমদানি কৰে। ৰুছ ইউক্ৰেইন যুদ্ধই অধিক বৃদ্ধি কৰিছে এনে নিৰ্ভশীলতা। ঘেঁহুৰ ৰপ্তানি বন্ধ কৰিবলৈ ভাৰতে লোৱা সিদ্ধান্তত স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে G7ৰ অন্তৰ্গত দেশসমূহে। অৱশ্যে কৰো অস্বস্তি, অসুবিধা বা প্ৰতিক্ৰিয়াই কোনো প্ৰভাব পেলাব পৰা নাই নতুন দিল্লীৰ সিদ্ধান্তৰ ওপৰত।

এনে জটিল পৰিস্থিতিয়ে এতিয়া অধিক আতংকিত কৰি তুলিছে চুবুৰীয়া বাংলাদেশক। কাৰণ ১৭ কোটি মানুহৰ এই সৰু দেশখনেই পৃথিবীৰ এনে এখন অন্যতম জনাকীৰ্ণ দেশ, যিখন দেশৰ জনগণক পেটভৰাই খোৱাবলৈ প্ৰয়োজন হয় প্ৰচুৰ খাদ্যৰ। ইফালে বাংলাদেশে নিজৰ প্ৰয়োজনীয় ধান বা চাউল উত্পাদন কৰিবলৈ কিছু পৰিমাণে সক্ষম হ’লেও ঘেহুৰ প্ৰয়োজনীয়তাৰ বাবে সম্পূৰ্ণৰূপে নিৰ্ভশীল অকল ভাৰতৰ ওপৰতে। এনে পেক্ষাপটত বাংলাদেশে সাধাৰণতে ৰুছিয়া, ইউক্ৰেইণ আৰু ভাৰতৰ ঘেহু আমদানি কৰে। কিন্তু যুদ্ধৰ বাবে ইতিমধ্যে বন্ধ হৈ গৈছে ৰুছিয়া আৰু ইউক্ৰেইণৰ ঘেহুৰ যোগান। সেয়ে এইটো বৰ্ষত বাংলাদেশে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছে ভাৰতীয় ঘেঁহুৰ ওপৰত। বাংলাদেশৰ খাদ্যমন্ত্ৰী সাধন চন্দ্ৰ মজুমদাৰৰ ভাষ্য অনুসৰি দেশখনে ভাৰতৰ পৰা ইতিমধ্যে তিনিলাখ টন ঘেহুঁ আমদানি কৰিছে। পিচে প্ৰয়োজনৰ তুলনাত সেয়া নগন্য। অথচ প্ৰয়োজনীয় অতিৰিক্ত ঘেঁহু আমদানি কৰিবলৈ নৌ পাওঁতেই ভাৰতে বন্ধ কৰি দিছে ঘেঁহুৰ ৰপ্তানি। সেয়ে বাংলাদেশত এতিয়া সৃষ্টি হৈছে খাদ্যক লৈ আতংক। সৃষ্টি হৈছে অদুৰ ভবিষ্যতে দুৰ্ভিক্ষ সৃষ্টি হোৱাৰো আতংক। আতংকৰো। ইফালে বামলাদেশৰ আৰ্থিক স্বচ্ছলতা কম বাবে দূৰ দেশৰপৰা সামুদ্ৰিক জাহাজ বা বিমানেৰে বৃহৎ মাত্ৰাত ঘেঁহু আমদানি কৰটো দেশখনৰ অসুবিধা আছে। যাৰফলত পৰিস্থিতিয়ে অবধাৰিত ভাবে উদ্বিগ্নি কৰি তুলিছে ঢাকা মহলক।

উদ্বিগ্নতাৰ সৃষ্টি হৈছে অসমৰো সচেতন মহলৰ মাজত। কাৰণ, বাংলাদেশত খাদ্যভাব বা দুৰ্ভিক্ষ সদৃশ পৰিবেশৰ সৃষ্টি হ’লে খাদ্যৰ অভাবত মানুহ ঢাপলি নেলিব অন্য প্ৰন্তলৈ। আৰু এইটো কথা স্পষ্ট যে, বাংলাদেশীৰ বাবে সহজ লক্ষ্যস্থান ভাৰতবৰ্ষ, বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চল। অবশ্যে শ্বেখ হাছিনা চৰকাৰে এতিয়াও আশা ৰাখিছে যে, ভাৰতে কিছু দিনৰ ভিতৰতে ঘেঁহু ৰপ্তানীৰ ওপৰত আৰোপিত নিষেধাজ্ঞা উঠাই ল’ব আৰু পৰিস্থিতি স্বাভাবিক হ’ব। তদুপৰি দেশখনে চেষ্টা চলাইছে নিষেধাজ্ঞাৰ মাজতো কূটনৈতিক উপায়েৰে কিছু ঘেঁহু আমদানি কৰিবলৈ। অৱশ্যে এই চেষ্টাৰ ফল কি হ’ব, সেয়া এতিয়াও নিশ্চিত নহয়।

Leave A Reply

Your email address will not be published.