আজি হৈছে বিশ্ব মৌমাখি দিবস! কিন্তু কিয় বিশ্ব মৌমাখি দিৱস পালন কৰা হয় জানেনে

২০মে’ তাৰিখে সমগ্ৰ পৃথিবীতে বিশ্ব মৌমাখি দিৱস দিচাপে পালন কৰা হয়। এই দিৱস পালন কি কাৰণে কৰা হয় আপুনি জানেনে? যদি নাজানে, জাঁনো আহক কিয় পালন কৰা হয় মৌমাখি দিৱস।

এই দিৱসটো পালন কৰাৰ মূল লক্ষ্য হৈছে পৰিবেশ তন্ত্ৰত মৌমাখিৰ গুৰুত্বতা চিনাক্ত কৰা। লগতে জৈৱ ৱৈচিত্ৰ বৰ্তাই ৰখাত মৌমাখি মাখিয়ে কেনেদৰে সহায় কৰে তাৰ ওপৰত জনসজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়।

বিশ্ব মৌমাখি দিৱস ২০২২, পালন কৰাৰ মূল লক্ষ্য হৈছে মৌমাখি সংৰক্ষণ আৰু মৌ পালন প্ৰণালীৰ বৈচিত্ৰতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰি তোলা। ৰাষ্ট্ৰ সংঘই এণ্টন জানছাৰ জন্ম জয়ন্তীৰ উপলক্ষে ২০ মে’ তাৰিখটোত বিশ্ব মৌমাখি দিৱস হিচাপে পালন কৰি আহিছে। স্লোভেনিয়া চৰকাৰে ২০১৬ চনত এপিমোণ্ডিয়াৰ সমৰ্থনত ২০মে’ তাৰিখটো বিশ্ব মৌমাখি দিৱস হিচাপে পালম কৰাৰ ধাৰণাতো প্ৰস্তাৱ কৰিছিল। আৰু এই প্ৰস্তাৱটো ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰষ্ট্ৰসমূহেও অনুমোদন জনাই। আৰু এই প্ৰস্তৱ গ্ৰহণ কৰাৰ পিছৰে পৰাই ২০১৮ চনৰে পৰা আজিৰ দিনটোত সমগ্ৰ বিশ্বতে বিশ্ব মৌমাখি দিৱস হিচাপে পালন কৰি অহা হৈছে।

আমাৰ সামগ্ৰিক পাৰিৱেশিক ভাৰাসাম্য বজাই ৰাখাতো বহু ধৰণে সহায় কৰে মৌমাখিয়ে। খাদ্য সুৰক্ষা, বহণক্ষম কৃষি আৰু জৈৱ বৈচিত্ৰ্যতাৰ ক্ষেত্ৰত মৌমাখিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ লগতে মৌমাখিয়ে জলবায়ু পৰিবৰ্তন হ্ৰাস কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো সহায় কৰে। কৃষিক্ষেত্ৰৰ বাবেও যথেষ্ট পৰিমাণে উপযোগী হয় মৌমাখি। ২০১১ চনত স্লোভেনিয়া ইউৰোপীয় ইউনিয়নৰ প্ৰথমখন দেশ যিয়ে মৌমাখিৰ বাবে ক্ষতিকাৰক কীটনাশক ব্যৱহাৰ নিষিদ্ধ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...