২০২৩তো চেন্নাইৰ অধিনায়ক হৈ খেলাৰ প্ৰতিশ্ৰুতি এম এছ ধোনীৰ

চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিঙ ধোনীক পৰবৰ্তী ছিজনতো অধিনায়ক হৈ খেলিবৰ বাবে বাচনি কৰিছে দলটোৰ বিষয়ববিয়া সকলে। অনুৰাগীসকলক তেওঁ আশ্বাস দিয়ে, ২০২৩ চনলৈকে হালধীয়া জাৰ্চীতে খেলিব বুলি। লগতে ক্ৰিকেট তাৰকাজনে কয় যে, “নিশ্চিতভাৱে, মই অহা বছৰ খেলিম। চেন্নাইৰ হৈ নেখেলাটো অন্যায় হ’ব। এইটো চিএচকে অনুৰাগীসকলৰ বাবে ভাল নহ’ব। ২০২৩ মোৰ অন্তিম বছৰ হ’ব নে নহয়, সেয়া চাব লাগিব,”।

লগতে তাৰকাজন খেলুৱজনে আৰু কয় যে, পৰবৰ্তী আই পি এল ছিজনত দলবোৰে সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানলৈকে খেৱিবৰ বাবে যাব আৰু দেশৰ অনুৰাগীসকলক তেওঁ ধন্যবাদ জনাবৰ বাবে মঞ্চ পাব।

অৱশ্যে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনে IPL ২০২৩ তেওঁৰ বাবে অন্তিম ছিজন হয় নে নাই সেই কথা এতিয়ালৈকে প্ৰকাশ কৰা নাই। চলিত IPL ত শোচনীয় প্ৰদৰ্শনৰ পিছত চেন্নাই চুপাৰ কিংছ হৈছে প্লে ফৰ পৰা বাহিৰ হোৱা দ্বীতিয়টো দল। আনহাতে চলিত বৰ্ষৰ IPL ছিজনত চেন্নাই চুপাৰ কিংছে ১৩খন খেল খেলাৰ বিপৰীতে মাত্ৰ চাৰিখন খেলহে জিকিবলৈ সক্ষম হৈছে। আৰু পইণ্ট তালিকাৰ একেবাৰে অন্তিম স্থানত আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...