ভীম কলৰ শিপাৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধ, ভীম কলৰ ১৩টা আচৰিত পুষ্টিগুণ

আজিৰ বিষয় ভীম কল। ভীম কল অতি পুষ্টিকৰ আৰু ঔষধি গুণেৰে ভৰা ফল। ভীম কলৰ কলাখাৰ, কলপচলা , কলফুল , কল, কলৰ বাকলি , পাত , কাণ্ডৰ পৰা ওলোৱা পানী, শিপা আদি সকলো অংশই ঔষধি গুণেৰে ভৰপুৰ। অধিক পুষ্টি গুণেৰে ভৰা ভীম কলক শিশু খাদ্য হিচাবেও ব্যৱহাৰ কৰা হয়। ভীম কলত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট , আইৰণ , কেলছিয়াম , ফাইবাৰ , পটাছিয়াম , ভিটামিন আদি উপাদান থাকে। পকা ভীম কল চৰ্বত কৰি খালে পেট ঠাণ্ডা কৰাৰ লগতে দেহৰ পুষ্টি সাধন কৰে। পিত্ত ৰোগীৰ বাবে কেঁচা ভীম কলৰ ৰস অতি উপকাৰী। গ্ৰহণী ৰোগত পকা ভীম কল গুটিৰে সৈতে খালে উপকৃত হয়। পকা ভীম কলৰ গুটি চেকি গাখীৰ , গুড়েৰে শিশুক খোৱালে স্বাস্থ্যৰ উন্নতি হোৱাৰ লগতে শৰীৰত শক্তি পায়। গৰমত প্ৰস্ৰাৱৰ সমস্যা হলে পকা ভীম কল তিয়াই খচি সেই পানী খালে উপকৃত হয়। ভীম কলৰ শিপাৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। শিশুৰ পয়া লগা সমস্যাত গৰু গাখীৰৰ লগত একেৰাহে কেইদিন মান পকা ভীম খোৱালে সুফল পোৱা যায়। শিশুক ভীম কলৰ গুটি আঁতৰাই অথবা খাদ্যত মিহলাই খুৱালে শিশুৱে অধিক পুষ্টি লাভ কৰে। শিশুৰ পৰা বৃদ্ধ লৈকে সকলোৰে বাবে ভীম কল এক সুষম আহাৰ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...