বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মাৰ মৃত্যু

বিশ্ব বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰে আজি ইহলীলা সম্বৰণ কৰে। হৃদৰোগত আক্ৰান্ত হৈ ৮৪ বছৰ বয়সত মৃত্যু হয় কিংবদন্তী শিল্পীজনৰ।

বিখ্যাত শিল্পীজনৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১৩ জানুৱাৰী তাৰিখে জম্মুত। তেওঁ পাঁচ বছৰ বয়সৰ পৰাই দেউতাকৰ পৰা তবলা আৰু সংগীতৰ শিক্ষা লৈছিল। এই বিশ্ব বিখ্যাত শিল্পীজনে ১৩ বছৰ বয়সৰ পৰাই সন্তুৰ বজাবলৈ আৰম্ভ কৰিছিল। আৰু জম্মু-কাশ্মীৰৰ পৰিচিত বাদ্যযন্ত্ৰ সন্তুৰক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

শিৱ কুমাৰৰ প্ৰথম একক এলবাম ১৯৬০ চনত মুক্তি পাইছিল। ইয়াৰ পাছতে তেওঁ বলীউডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। আৰু পিছলৈ তেওঁ হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে লগ হৈ বহুতো কালজয়ী সুৰৰ সৃষ্টি কৰিছিল।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...