প্ৰধানমন্ত্ৰীৰ ঘৰ জ্বলালে প্ৰতিবাদকাৰীয়ে!

ব্য়াপক অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি থকা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত বৰ্তমান জ্বলিছে জুই। শ্ৰীলংকাৰ নাগৰিকে জ্বলাই দিলে প্ৰধানমন্ত্ৰীৰ বাসগৃহকে ধৰি ৪১গৰাকী ৰাজনীতিকৰ ঘৰ। বৰ্তমান শ্ৰীলংকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে দেশত জাৰি কৰা হৈছে কাৰ্ফিউ। উল্লেখ যে, ৯ এপ্ৰিলত চৰকাৰ বিৰোধী শান্তিপূৰ্ণ প্ৰতিবাদ আৰম্ভ হৈছিল যদিও লাহে লাহে এই প্ৰতিবাদে হিংসাত্মক ৰূপ লয়গৈ। আৰু এই প্ৰতিবাদৰ ফলস্বৰূপে সোমবাৰে শ্ৰীলংকাৰ উগ্ৰ জনসাধাৰণে জ্বলাই দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰকে ধৰি ৪১জন ৰাজনীতিকৰ বাসগৃহ।

সোমবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাত ৫জনে প্ৰাণ হেৰুৱাৰ লগতে প্ৰায় আঢ়ৈশ লোক আহত হয়। আনহাতে সোমবাৰে কলম্বোত শাসকীয় দলৰ সাংসদ আমাৰাকেৰ্তি আথুকোৰালাইৰ বাহন অৱৰোধ কৰাৰ ফলত প্ৰতিবাদকাৰীলৈ গুলিচালনা কৰিব লগা পৰিস্থিতি হয়। যাৰ ফলত এজন ২৭ বছৰীয়া যুৱকৰ মৃত্য়ু হয় আৰু দুজন আহত হয়।

জানিব পৰা মতে, ৰাজপাকছাৰ দলৰ এজন নেতাই সোমবাৰে দক্ষিণৰ ৱেৰাকেটিয়া চহৰত দুজন লোকক গুলিয়াই হত্য়া কৰে। আৰু এই ঘটনাৰ পাছৰে পৰা দেশজুৰি বলবৎ হৈ থকা কাৰ্ফিউৰ মাজতে মাজনিশা উগ্ৰ জনতাই প্ৰধানমন্ত্ৰী ঘৰৰ লগতে আৰু চৰকাৰী পক্ষৰ ৪১টা ঘৰ জ্বলাই দিয়ে। লগতে সেই ঘৰবোৰত ৰখাই থোৱা কেইবাখনো মটৰ চাইকেলো জ্বলাই দিয়ে।

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি উত্তৰ-পশ্চিম চহৰ কুৰুনেগালাত থকা ৰাজপাকছেৰ এটা ৰাজনৈতিক কাৰ্যালয়তো অগ্নিসংযোগ কৰি ধ্বংস কৰে উগ্ৰ প্ৰতিবাদকাৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...