প্ৰধানমন্ত্ৰীৰ ঘৰ জ্বলালে প্ৰতিবাদকাৰীয়ে!

ব্য়াপক অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি থকা দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত বৰ্তমান জ্বলিছে জুই। শ্ৰীলংকাৰ নাগৰিকে জ্বলাই দিলে প্ৰধানমন্ত্ৰীৰ বাসগৃহকে ধৰি ৪১গৰাকী ৰাজনীতিকৰ ঘৰ। বৰ্তমান শ্ৰীলংকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে দেশত জাৰি কৰা হৈছে কাৰ্ফিউ। উল্লেখ যে, ৯ এপ্ৰিলত চৰকাৰ বিৰোধী শান্তিপূৰ্ণ প্ৰতিবাদ আৰম্ভ হৈছিল যদিও লাহে লাহে এই প্ৰতিবাদে হিংসাত্মক ৰূপ লয়গৈ। আৰু এই প্ৰতিবাদৰ ফলস্বৰূপে সোমবাৰে শ্ৰীলংকাৰ উগ্ৰ জনসাধাৰণে জ্বলাই দিয়ে প্ৰধানমন্ত্ৰীৰ ঘৰকে ধৰি ৪১জন ৰাজনীতিকৰ বাসগৃহ।

সোমবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাত ৫জনে প্ৰাণ হেৰুৱাৰ লগতে প্ৰায় আঢ়ৈশ লোক আহত হয়। আনহাতে সোমবাৰে কলম্বোত শাসকীয় দলৰ সাংসদ আমাৰাকেৰ্তি আথুকোৰালাইৰ বাহন অৱৰোধ কৰাৰ ফলত প্ৰতিবাদকাৰীলৈ গুলিচালনা কৰিব লগা পৰিস্থিতি হয়। যাৰ ফলত এজন ২৭ বছৰীয়া যুৱকৰ মৃত্য়ু হয় আৰু দুজন আহত হয়।

জানিব পৰা মতে, ৰাজপাকছাৰ দলৰ এজন নেতাই সোমবাৰে দক্ষিণৰ ৱেৰাকেটিয়া চহৰত দুজন লোকক গুলিয়াই হত্য়া কৰে। আৰু এই ঘটনাৰ পাছৰে পৰা দেশজুৰি বলবৎ হৈ থকা কাৰ্ফিউৰ মাজতে মাজনিশা উগ্ৰ জনতাই প্ৰধানমন্ত্ৰী ঘৰৰ লগতে আৰু চৰকাৰী পক্ষৰ ৪১টা ঘৰ জ্বলাই দিয়ে। লগতে সেই ঘৰবোৰত ৰখাই থোৱা কেইবাখনো মটৰ চাইকেলো জ্বলাই দিয়ে।

আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি উত্তৰ-পশ্চিম চহৰ কুৰুনেগালাত থকা ৰাজপাকছেৰ এটা ৰাজনৈতিক কাৰ্যালয়তো অগ্নিসংযোগ কৰি ধ্বংস কৰে উগ্ৰ প্ৰতিবাদকাৰীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...