অৰুণাচল প্ৰদেশত দেখা পোৱা গৈছে এক বিৰল প্ৰজাতিৰ বান্দৰ

অৰুণাচল প্ৰদেশত দেখা পোৱা গৈছে এক বিৰল প্ৰজাতিৰ বান্দৰ। ইয়াৰ আগতে এই প্ৰজাতিৰ বান্দৰ ২০১৫ চনত কেৱল এবাৰহে দেখা গৈছিল দক্ষিণ তিব্বতত। ভাৰতীয় জুলজিকেল চাৰ্ভে অব ইণ্ডিয়াৰ বিজ্ঞানীসকলে এমাহ আগতে অৰুণাচলৰ আনজাৱ জিলাত হোয়াইট চিকড ম্যাকাকাৰ সন্ধান লাভ কৰিছিল।

এইবাৰ ৰাজ্যখনৰ পশ্চিম কামেং জিলাত সেই প্ৰজাতিৰ আন এটা বান্দৰৰ ছবি বন বিভাগৰ কেমেৰাত বন্দী হয়। বিজ্ঞানীসকলৰ মতে ৰাজ্যখনৰ লগতে দেশৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত এইটো এক গুৰুত্বপূৰ্ণ। পশ্চিম কামেং জিলাৰ ডিএফঅ’ চুখু লোমাই কয়, “আনজাৱত বগা পোৱালী ৰঙৰ বান্দৰ দেখা পোৱাৰ কেইদিনমানৰ ভিতৰতে আমাৰ বন কৰ্মীয়ে দিৰাঙৰ বিশুম ফুডুং অঞ্চলত সেই প্ৰজাতিৰ আন এটা বান্দৰক কেমেৰা ট্ৰেপত দেখিছিল। গালৰ দুয়োফালে বগা দাগ আৰু ডিঙিত দীঘল ডাঠ চুলি। তেওঁলোকে আন বান্দৰৰ সৈতে একে ঠাইতে ভাগ বতৰা কৰি আছে। এই অনুসন্ধানটো অতি ব্যতিক্ৰমী। আমি আকৌ উপলব্ধি কৰিলোঁ যে আমি এতিয়াও ৰাজ্যৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে কিমান কম জানো। “

পশুপ্ৰেমীসকলৰ মতে, পশ্চিম কামেং জিলাৰ হোৱাইট চিকেড বান্দৰৰ বসতি আৰু চৰণীয়া এলেকাৰ যোগান কৰাৰ প্ৰয়োজন। লোমাই কৈছে যে জিলা বন বিভাগে এই ক্ষেত্ৰত নিজে কাম আৰম্ভ কৰিছে। লগতে এই অঞ্চলটোত বিৰল প্ৰজাতিৰ মেকুৰীও দেখা পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...