পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ গলছিত সংঘটিত এক ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। নৱম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাত ভাল ফলাফল দেখুওৱাৰ বাবে এজন ব্যৱসায়ীয়ে নিজৰ ১৫ বছৰীয়া পুত্ৰক উপহাৰ দিলে প্ৰায় ২ কোটি ৩০ লাখ টকা মূল্যৰ এখন বিলাসী BMW গাড়ী।
পুত্ৰৰ পৰীক্ষাৰ ফলাফলত আনন্দিত হৈ এই বিশেষ উপহাৰ আগবঢ়ালে গলছিৰ ব্যৱসায়ী ছামছুদ্দিন মিদ্দ্যাই। তেওঁৰ পুত্ৰ তালহা মিদ্দ্যা পূব বৰ্ধমানৰ শ্ৰীচৈতন্য টেকনো স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। শেহতীয়াকৈ অনুষ্ঠিত হোৱা অৰ্ধবাৰ্ষিক পৰীক্ষাত তালহাই ভাল ফলাফল লাভ কৰে। পুত্ৰৰ এই সফলতাত আনন্দিত হৈ পিতৃয়ে তেওঁক এখন বিলাসী গাড়ী উপহাৰ দিয়াৰ সিদ্ধান্ত লয়।
উপহাৰ হিচাপে BMW M4 Competition
পুত্ৰৰ বহুদিনীয়া ইচ্ছা পূৰণ কৰিবলৈ সামছুদ্দিনে BMW M4 Competition মডেলৰ গাড়ী ক্ৰয় কৰে। ইয়াৰ বাবে তেওঁ প্ৰায় ২ কোটি ৩০ লাখ টকা ব্যয় কৰে বুলি জানিব পৰা গৈছে।
গাড়ীখন ক্ৰয় কৰিবলৈ তেওঁ মুম্বাইৰ আন্ধেৰীস্থিত এখন নামী BMW শ্ব’ৰুমলৈ গৈছিল। বিশেষ ৰঙৰ গাড়ীখন ক্ৰয় কৰাৰ পাছত শুকুৰবাৰে বিশেষ কণ্টেইনাৰৰ জৰিয়তে পশ্চিমবংগৰ গলছিলৈ অনা হয়। নতুন গাড়ীখন লাভ কৰি পিতৃ-পুত্ৰ দুয়ো যথেষ্ট আনন্দিত হৈ পৰে।
বিলাসী গাড়ীৰ প্ৰতি বিশেষ আকৰ্ষণ ব্যৱসায়ীগৰাকীৰ
ছামছুদ্দিন মিদ্দ্যা অঞ্চলটোৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে পৰিচিত। গলছিত তেওঁৰ চাৰিটা ৰাইচ মিল আছে। ইয়াৰ উপৰি চীন আৰু ভিয়েটনামলৈ চাউল ৰপ্তানিৰ ব্যৱসায়ো কৰে তেওঁ।
বিলাসী গাড়ীৰ প্ৰতি তেওঁৰ বিশেষ দুৰ্বলতা আছে। তেওঁৰ ব্যক্তিগত গেৰেজত ইতিমধ্যে ৰেঞ্জ ৰ’ভাৰ, ভলভ’, মহিন্দ্ৰা থাৰ আৰু হুণ্ডাই এলকাজাৰকে ধৰি কেইবাখনো দামী গাড়ী আছে।
আনহাতে, গাড়ীৰ নম্বৰ প্লেটৰ প্ৰতিও তেওঁৰ বিশেষ আকৰ্ষণ আছে। তেওঁৰ কেইবাখনো গাড়ীৰ নম্বৰ প্লেটৰ শেষৰ তিনিটা সংখ্যা হৈছে ‘৫৫৫’। বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ গাড়ীৰ নম্বৰৰ সৈতে মিল থকাৰ বাবেও এই সংখ্যাটোৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ আছে।
১৫ বছৰীয়া পুত্ৰৰ হাতত গাড়ী, উঠিছে প্ৰশ্ন
তালহাৰ বয়স মাত্ৰ ১৫ বছৰ। সেয়েহে তেওঁৰ এতিয়াও গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ (Driving Licence) লাভ কৰাৰ বয়স হোৱা নাই। এই সন্দৰ্ভত তালহাই জনোৱা অনুসৰি, সপ্তাহত এদিন তেওঁ পিতৃৰ সৈতে গাড়ীখনত ফুৰিবলৈ যাব। সেই সময়ত পিতৃয়ে গাড়ী চলাব আৰু তেওঁ কাষৰ আসনত বহিব।
অৱশ্যে এগৰাকী নাবালকক ইমান দামী গাড়ী উপহাৰ দিয়াৰ ঘটনাই এতিয়া অঞ্চলটোত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পুত্ৰৰ সফলতাত পিতৃৰ এই ব্যতিক্ৰমী উপহাৰ চৰ্চাৰ বিষয় হৈ পৰাৰ লগতে নাবালকৰ হাতত বিলাসী গাড়ী তুলি দিয়াৰ বিষয়টোক লৈও প্ৰশ্ন উত্থাপন হৈছে।
