১ এপ্ৰিলৰ পৰা প্ৰচণ্ড গৰমে দহিব দেশক, এইকেইখন ৰাজ্যত হ’ব উৎকট গৰম!

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সৰ্তকবাণী জাৰি কৰিছে । ১ এপ্ৰিলৰ পৰা উত্তৰ-পশ্চিম, মধ্য আৰু পশ্চিম ভাৰতত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । মাৰ্চ মাহতে ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত মে-জুন মাহৰ গৰম অনুভৱ কৰিবলৈ লৈছে দেশবাসীয়ে । দেশৰ বতৰ বিজ্ঞানীসকলে অৱগত কৰে যে অনাগত দিনবোৰত দেশবাসীয়ে আৰু অধিক গৰমৰ সন্মুখীন হ’ব। গুজৰাট, হিমাচল প্ৰদেশ আৰু কচ্ছত গ্ৰীষ্ম প্ৰবাহ হোৱাৰ সম্ভাৱনা আছে । দক্ষিণ হাৰিয়ানা, দক্ষিণ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ, পূব মধ্য প্ৰদেশৰ উত্তৰ অংশ, উত্তৰ মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাঠাৱাড়াত তাপ প্ৰবাহে চুই যোৱাৰ সতৰ্কবাণী। ইয়াৰ লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অবগত কৰে যে পৰৱৰ্তী দিনত মহাৰাষ্ট্ৰত ২-৩ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...