দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, ৰোহিণীৰ ভেংকটেশ্বৰ পাব্লিক স্কুল (Venkateshwar Public School) আৰু ময়ুৰ বিহাৰৰ চালৱান পাব্লিক স্কুল (Salwan Public School)লৈ ইমেইল যোগে এই ভাবুকি প্ৰেৰণ কৰা হৈছে।

এই খবৰ পোৱাৰ লগে লগে দিল্লী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ তন্ন তন্নকৈ তালাচী অভিযান চলায়। বৰ্তমান আৰক্ষীয়ে এই ভাবুকিৰ উৎসৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে আৰু বিদ্যালয়ৰ চৌহদত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিগত কেইটামান সপ্তাহত দিল্লীৰ আন কেইবাখনো বিদ্যালয়লৈ এনেধৰণৰ বোমাৰ ভাবুকি অহাৰ ঘটনা ঘটিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...

অৰুণাচল প্ৰদেশৰ একাধিক স্থানত ভাৰত-চীনৰ সেনাৰ মুখামুখি সংঘৰ্ষ অব্যাহত, স্বীকাৰ ITBPৰ মুৰব্বীৰ

অৰুণাচল প্ৰদেশৰ একাধিক স্থানত ভাৰত আৰু চীনৰ সেনাৰ মাজত...