এটা উটৰ দাম সৰ্বাধিক কিমান হ’ব পাৰে? এটা উটৰ দামে হতচকিত কৰিব আপোনাক

আপুনি হয়তো বিভিন্ন সামগ্ৰীৰ ভিন্ন দাম শুনিছে। এটা উটৰ মূল্য শুনিলে আপুনি আচৰিত হৈ উঠিব। এটা উট এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে। উটটোৰ মূল্য শুনিলে আপুনিও আচৰিত হ’ব, এই উটটোৰ দাম ১৪ কোটি ২৩ লাখ টকা। চৌদি আৰৱৰ উট বিশ্বত প্ৰায়ে চৰ্চাত থাকে। মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বাঢ়িছে উটৰ দাম। চৌদি আৰৱত এই উটটোৰ মূল্য ৫ মিলিয়ন চৌদি ৰিয়েল। প্ৰাৰম্ভিক অৱস্থাত উটটোৰ দাম ভাৰতীয় টকাৰ হিচাপত ১০ কোটি ১৬ লাখ ৪৮ হাজাৰ টকা ধাৰ্য কৰা হৈছিল। পিছত এই উটটোৰ মূল্য ১০ কোটিৰ পৰা ১৪ কোটি লৈ বৃদ্ধি পায়। উটটোৰ সৰ্বাধিক মূল্য ৭ মিলিয়ন চৌদি ৰিয়েল নিলাম নিবিদা আছিল। ভাৰতীয় টকাৰ হিচাপত ১৪ কৌটি ২৩ লাখ ৪৫ হাজাৰ টকা। উটটো এই মূল্যত কোনে ক্ৰয় কৰে সেই বিষয়ে এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বৃহৎ মূল্যত বিক্ৰী হোৱা এই বিৰল প্ৰজাতিৰ বুলি গণ্য কৰা হয়। এই উটটো নিজৰ সৌন্দৰ্যৰ বাবেও বিখ্যাত। এই প্ৰজাতিৰ উট পাবলৈ তেনেই তাকৰ। যাৰ বাবেই এই প্ৰজাতিৰ উট ক্ৰয় কৰিবৰ বাবে লোকসকলে কোটি কোটি টকা খৰচ কৰে। ৰমজান মাহত উটক অতি গুৰুপূৰ্ণ গণ্য কৰা হয়, কাৰণ চৌদি আৰৱত ৰমজান মাহৰ শেষৰ দিনা উট বলি দিয়া হয়। প্ৰকাশিত তথ্য অনুসৰি বিশ্বৰ সৰ্ববৃহৎ উট উৎসৱ চৌদি আৰৱত অনুষ্ঠিত কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...