ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ, গুৰুতৰভাবে আহত ৪ যাত্ৰী

ওদালগুৰি জিলাৰ মেকেনজী পথত ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। গুৰুতৰভাবে আঘাতপ্ৰাপ্ত ৪জনকৈ লোক। ইয়াৰে মৃণাল নাথ আৰু লোকেশ কাকতিৰ অৱস্থা গুৰুতৰ।

অতি সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আন দুজনক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ওদালগুৰিৰ দিশৰ পৰা আহি থকা AS01AP8283 নম্বৰৰ এখন Figo বাহন বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ঘটনা।

ফলত figo বাহনত থকা ৪ জন লোকেই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...