চিনেমাহলত অব্যাহত RRRৰ যাদু, কিয় ৰাজামৌলীৰ চিনেমা চাবলৈ ঢপলিয়াইছে সকলো?

“The Kshmir Files” ৰ পিছত ছবিগৃহত এতিয়া বহুচৰ্চিত ছবি “RRR”। বাহুবলীৰ ৰেকৰ্ড ভংগ কৰিলে RRR-এ। বিগত বৰ্ষত মুকলি লাভ কৰা “বাহুবলী”য়ে বোলছবি জগতত এক আলোড়নৰ সৃষ্টি কৰি সকলো ৰেকৰ্ড ভংগ কৰি নতুন ইতিহাস ৰচিছিল। পিছে সকলো অভিলেখ তল পেলাই চলিত বৰ্ষত মুক্তি লাভ কৰা RRR-এ “বাহুবলী”ৰ সকলো ৰেকৰ্ড ভংগ কৰি বক্স অফিছত নতুন ৰেকৰ্ড গঢ়ি তোলে। ছবি নিৰ্মাতা এছ এছ ৰাজামৌলীয়ে ৩৩৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিছিল ব্লকব্লাষ্টাৰ ছবি “RRR”।
বাহুবলীৰ নিৰ্মাতা এছ এছ ৰাজামৌলীয়ে চলিত বৰ্ষত নিজৰে এখন ছবি “RRR” ৰ নিৰ্মাণ কৰি উলিয়াই নিজৰ ৰেকৰ্ড নিজে ভংগ কৰে। ২৫ মাৰ্চত মুক্তি লাভ কৰা RRR ছবিখনে মুক্তিৰ দিনাই “২২৩” কোটি টকা উপাৰ্জন কৰে। চিনেমাখনত দাক্ষিণাত্যৰ জনপ্ৰিয় তাৰকা ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰ অভিনয় কৰাৰ লগতে অজয় দেৱাগন আৰু আলিয়া ভাটে অভিনয় কৰিছে। চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ তথ্য অনুসৰি “দীৰ্ঘদিন ধৰি বাহুবলীয়ে উপাৰ্জনৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছিল যদিও একেগৰকী ছবিনিৰ্মাতাৰে “RRR”-এ আন এক সফলতাৰ শিখৰ চুমে।
উল্লেখ্য যে, ছবিখন মুক্তিৰ সময়ত ৰাম চৰণ, এনটিআৰ আৰু ৰাজামৌলীয়ে বৰোদা, দিল্লী, জয়পুৰৰ হাওয়া মহল, অমৃতসৰৰ স্বৰ্ণ মন্দিৰ আৰু কলকতা ভ্ৰমণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...